ETV Bharat / state

Allegation against AJP : পূজাথলীক ৰাজনৈতিক সভালৈ পৰ্যবসিত কৰাৰ অভিযোগ অজাপৰ বিৰুদ্ধে - কেবিনেট মন্ত্ৰী বিমল বড়াৰ সমষ্টি

অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সংবাদমেল টিংখাং বিজেপিৰ ৷ লক্ষ্মী পূজাক ৰাজনৈতিক সভালৈ ৰূপান্তৰিত কৰাৰ অভিযোগ অজাপৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ৷

press meet by Tingkhang BJP against Lurinjyoti Gogoi in Dibrugarh
অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 8:54 AM IST

vdঅজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সংবাদমেল

ডিব্ৰুগড়, 31 অক্টোবৰ: লক্ষ্মী পূজাক ৰাজনৈতিক সভালৈ ৰূপান্তৰিত কৰা আৰু ভুল তথ্যৰে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰা হয় ডিব্ৰুগড় জিলাৰ টিংখাঙত ৷ টিংখাং বিজেপিয়ে সোমবাৰে সম্বোধন কৰে এই সংবাদমেলৰ ৷

লক্ষ্মী পূজাৰ মাংগলিক অনুষ্ঠানক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টিংখাং বিজেপিয়ে । লক্ষ্মী পূজাৰ দৰে পবিত্ৰ সামাজিক অনুষ্ঠান এটাত অজাপৰ সভাপতিগৰাকীয়ে ৰাজনৈতিক ভাষণ প্ৰদান কৰাৰ লগতে দলীয় যোগদান কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰা কাৰ্য অতি নিন্দনীয় বুলি সংবাদমেলত টিংখাং বিজেপিয়ে জাতীয়তাবাদী নেতাগৰাকীক গৰিহণা দিয়ে ।

উল্লেখ্য যে, যোৱা 28 তাৰিখৰ দিনা টিংখাঙৰ চপাতলি গাঁৱত ন-পুখুৰী যুৱক সংঘৰ উদ্যোগত অষ্টম বাৰ্ষিক লক্ষ্মী পূজা অনুষ্ঠিত হৈছিল । উক্ত অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধক হিচাপে উপস্থিত থকা লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অজাপে যোগদান কাৰ্যসূচী চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । উক্ত অনুষ্ঠানত দিল্লীবাৰী পঞ্চায়তৰ বিজেপি নেতা কৰ্মীসহ প্ৰায় পাঁচ শতাধিক লোকে অজাপত যোগদান কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল লুৰিণজ্যোতি গগৈয়ে । লগতে সংবাদ মাধ্যমযোগে দেখিবলৈ পোৱা গৈছিল সেই পৰিৱেশ ৷

অৱশ্যে পৰৱৰ্তী সময়ত লুৰিণজ্যোতি গগৈৰ এই মন্তব্য তথা যোগদান কাৰ্যসূচী এক অপপ্ৰচাৰ বুলি উল্লেখ কৰাৰ লগতে পাঁচ শতাধিক যোগদানকাৰীৰ নামৰ তালিকা ৰাজহুৱা কৰিবলৈ বিজেপিৰ কৰ্মকৰ্তাসকলে প্ৰত্যাহ্বান জনায় লুৰিণজ্যোতি গগৈক । আনহাতে উক্ত যোগদান কাৰ্যসূচীত নাম ঘোষণা কৰা বহু ব্যক্তিয়ে এই সন্দৰ্ভত অৱগত নহয় বুলি সোমবাৰৰ সংবাদমেলখনত অৱগত কৰে ।

উল্লেখ্য যে, উক্ত কাৰ্যসূচীৰ পিচতে কেবিনেট মন্ত্ৰী বিমল বড়াৰ সমষ্টিৰ ৰাইজে বিজেপি এৰি অসম জাতীয় পৰিষদত যোগদান কৰা বুলি ওলোৱা খবৰে বিজেপিৰ ভিতৰচ’ৰাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰা পৰিলক্ষিত হৈছিল ।

সোমবাৰে সন্ধিয়া টিংখাঙৰ দিল্লীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চপাতলি গাঁৱত অনুষ্ঠিত হোৱা সংবাদমেলখনত টিংখাং বিজেপি জিলা পৰিষদৰ সদস্য ৰাজেন গগৈ, পঞ্চায়ত সভাপতি হেমন্ত হাজৰিকা, বিজেপি নেতা দুলাল বড়া, দিগন্ত কোঁচৰ লগতে দিল্লীবাৰী গাঁও পঞ্চায়তৰ সদস্য-সদস্যাৰ লগতে স্থানীয় লোক উপস্থিত থাকে ।

লগতে পঢ়ক:Prisoner fight: কাৰাগাৰৰ কুঠৰীৰ ভিতৰতে কয়দীৰ আক্ৰমণত আহত চাৰি কয়দী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.