ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ অভাৱত সীমান্তত সংঘাত হৈছে : টাইপা

author img

By

Published : Jul 30, 2021, 8:44 AM IST

অসম-মিজোৰাম সীমান্ত সংঘাতৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ টাই আহোম যুৱ পৰিষদেও অসম-মিজোৰাম সীমান্তৰ গুলিচালনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ পৰিষদে লগতে নিহত জোৱানসকলৰ পৰিয়ালক শীঘ্ৰে উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে ।

President of TAYPA Bijoy Rajkonwar talking about border problem of Assam
কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা নথকাৰ বাবেই সীমান্তত সংঘাট হৈছে : টাই আহোম যুৱ পৰিষদ

মৰাণ, 29 জুলাই : অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ ওপৰত মিজো দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিয়ে ৷ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ সীমা সমস্যা সমাধানৰ বাবে কোনো সদিচ্ছা নথকাৰ বাবেই অসম-মিজোৰাম সীমান্ত (ASSAM MIZORAM BORDER)ত সংঘাট হৈছে বুলি অভিযোগ কৰে ৷ বিজয় কোঁৱৰে অসমৰ সীমা বিবাদ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ তেওঁ লগতে নিহত জোৱানসকলৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে ।

টাই আহোম যুৱ পৰিষদৰ সভাপতিগৰাকীয়ে লগতে কয় যে, স্বাধীনতাৰ পাছৰ পৰাই প্ৰতিখন কেন্দ্ৰীয় চৰকাৰে অসমৰ সীমা সমস্যা সমাধান কৰাৰ কথা কেৱল কৈ হে আহিছে ৷ বাস্তৱত কিন্তু আজিও অসমৰ সীমা সমস্যা সমাধান নহ'ল । ফলত সোমবাৰে অসম-মিজোৰাম সীমান্তত ভূমি বিবাদক কেন্দ্ৰ কৰি যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷

তেওঁ লগতে চৰকাৰক শীঘ্ৰে এই ঘটনাত শ্বহীদ হোৱা লোকৰ পৰিয়ালক 50 লাখ টকা আৰু আহত লোকৰ পৰিয়ালক 10 লাখ টকাকৈ প্ৰদানৰ আহ্বান জনাইছে ৷ উল্লেখ্য যে, অসম-মিজোৰাম সীমান্ত (ASSAM MIZORAM BORDER)ৰ লাইলাপুৰত অসম আৰক্ষী (ASSAM POLICE)ক লক্ষ্য কৰি মিজো আৰক্ষীয়ে কৰা গুলীচালনাত ৬ জন অসম আৰক্ষী জোৱান শ্বহীদ হয় । এই ঘটনাই সম্প্ৰতি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : মিজো দুৰ্বৃত্তৰ গুলীচালনা: মাজুলীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.