ETV Bharat / state

Bhaona Samaroh at Rajgarh : ৰাজগড়ত আছুৰ উদ্যোগত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহৰ প্ৰস্তুতি তুংগত

ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত ৰাজগড়ৰ টিপমীয়া মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহ ৷ ভাওনা সমাৰোহৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 4:11 PM IST

All Assam Bhaona Samaroh
সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ
আছুৰ উদ্যোগত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ

ডিব্ৰুগড়, 28 অক্টোবৰ : টিংখাঙৰ ৰাজগড়ত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহৰ প্ৰস্তুতি ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত ৰাজগড়ৰ টিপমীয়া মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহ ৷ 29, 30, 31 অক্টোবৰ আৰু 1, 2 নবেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহ ৷

ভাওনা সমাৰোহৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে ৷ ভাওনা সমাৰোহখনিৰ বাবে মূল তোৰণৰ লগতে বৃহৎ আকাৰৰ মণ্ডপ নিৰ্মাণ কৰি থকা হৈছে ৷ আনহাতে ভাওনা সমাৰোহলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দল তথা অতিথি ভক্তপ্ৰাণ ৰাইজক আপ্যায়নৰ বাবে ব্যস্ত হৈ পৰিছে স্থানীয় মহিলা সকল ৷ সকলো সমবেত হৈ পকা মিঠৈ বনোৱাত ব্যস্ত হৈ পৰিছে ৷

সমাৰোহৰ পাঁচটা দিনৰ বাবে প্ৰায় 50 হাজাৰ মিঠৈ প্ৰস্তুত কৰাৰ পৰিকল্পনা লৈছে মহিলা সকলে ৷ ইতিমধ্যে প্ৰায় 15 হাজাৰ মিঠৈ প্ৰস্তুত কৰি উলিয়াইছে স্থানীয় মহিলা সকলে ৷ আনহাতে সমাৰোহখনিত প্ৰায় 1,000 মহিলা সমবেত হৈ দিহানাম পৰিবেশন কৰিব ৷ যাৰ বাবে এতিয়া পূৰ্ণগতিত চলিছে দিহানামৰ আখৰা ৷ মুঠতে ভাওনা সমাৰোহক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমাৰোহস্থলীত ৷

ইফালে দিহানামৰ আখৰাত এটি 5 বছৰীয়া শিশুৱে খোল বজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ দিব্যান বকলীয়াল নামৰ কেন্দুগুৰী জাতীয় বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে খোল বাদনেৰে সকলোকে মুগ্ধ কৰি তুলিছে ৷ উল্লেখযোগ্য যে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই ভাওনা সমাৰোহত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ 8 টা ভাওনা দলে নাট পৰিবেশন কৰিব ৷

আনহাতে ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি চিত্ৰাংকণ, বৰগীত, খোলবাদন, দিহানাম, সত্ৰীয়া নৃত্য আদি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ৷ ভাওনা সমাৰোহ সফল কৰি তোলাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সম্পূৰ্ণ সহায়-সহযোগিতা কামনা কৰিছে অভ্যৰ্থনা সমিতি আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : Ankia Bhaona Samaroh: মৰিগাঁৱত অংকীয়া ভাওনা সমাৰোহ; দৰ্শকে গেজেপ মাৰি ধৰিছে ভাওনাথলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.