ETV Bharat / state

নামৰূপৰ এপিএলৰ আৱাসিক অঞ্চলত পাইপযুক্ত ৰন্ধন গেছ প্ৰকল্পৰ শুভাৰম্ভ

author img

By

Published : Aug 12, 2020, 11:28 PM IST

বুধবাৰে নামৰূপস্থিত অসম পেট্ৰ'কেমিকেলচ লিমিটেডৰ আৱাসিক অঞ্চলত পাইপযুক্ত ৰন্ধন গেছ প্ৰকল্পটিৰ শুভাৰম্ভ কৰা হয় । অসম পেট্ৰ'কেমিকেলচৰ অতিথিশালাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰকল্পটো উদ্বোধন কৰে এপিএলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই ৷

pipe line gas project inaugurate at apl complex of namrup
নামৰূপৰ এপিএলৰ আৱাসিক অঞ্চলত পাইপযুক্ত ৰন্ধন গেছ প্ৰকল্পৰ শুভাৰম্ভ

নামৰূপ,১২ আগষ্ট: নামৰূপস্থিত অসম পেট্ৰ'কেমিকেলচ লিমিটেডৰ আৱাসিক অঞ্চলত প্ৰথমবাৰৰ বাবে আৰম্ভ হ'বলগীয়া অসম গেছ কোম্পানী লিমিটেডৰ "পাইপযুক্ত ৰন্ধন গেছ প্ৰকল্প"টোৰ বুধবাৰে শুভাৰম্ভ কৰা হয় ৷

অসম পেট্ৰ'কেমিকেলচৰ অতিথিশালাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰকল্পটো উদ্বোধন কৰে এপিএলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই ৷

এপিএলৰ জনসম্পৰ্কৰক্ষী বিষয়া অংশুমান দত্তই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে এপিএলৰ পৰিচালন সঞ্চালক অতুল চন্দ্ৰ বৰ্মন আৰু অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী ৷

পাইপযুক্ত ৰন্ধন গেছ প্ৰকল্পটোৰ শুভাৰম্ভ কৰি এপিএলৰ অধ্যক্ষ বিকুল ডেকাই তেওঁৰ বক্তব্যত এই প্ৰকল্পটোৰ বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালকগৰাকীক ধন্যবাদ জ্ঞাপন কৰে । লগতে আগন্তুক বৰ্ষৰ এপ্ৰিলৰ পৰা এই প্ৰকল্পৰ জড়িয়তে এপিএলৰ আৱাসিক অঞ্চলটোৰ সৰ্বমুঠ ৩৫০ ঘৰ আৱাসী উপকৃত হোৱাৰ লগতে অঞ্চলটোত দেখিবলৈ পোৱা ৰন্ধন গেছৰ নাটনিৰ সমস্যাওঁ অন্ত পৰিব বুলি উল্লেখ কৰিলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.