ETV Bharat / state

সুদীৰ্ঘ 22 বছৰে নাঁৱেৰেই যাতায়ত কৰিছে ডিব্ৰুগড়ৰ দুটা সমষ্টিৰ ৰাইজে

author img

By

Published : Jul 9, 2021, 1:25 PM IST

ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি আৰু দুলীয়াজান সমষ্টিৰ ৰাইজে নিতৌ নাঁৱেৰেই যাতায়ত কৰি আছে ৷ উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে 1980 চনৰ পৰাই দাবী উত্থাপন কৰি আহিছে যদিও আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল ৷

A_Moran_801to804_Boat transportation at Moran_As10031
22 বছৰে নাঁৱেৰেই যাতায়ত কৰিছে ডিব্ৰুগড় জিলাৰ দুটা সমষ্টিয়ে

মৰাণ, 9 জুলাই : যিমানেই চৰকাৰ তথা মন্ত্ৰী সলনি নহওঁক কিয় ৰাষ্টা, পকী দলং আদিৰ সমস্যা যেন সদায় একেই অৱস্থাতেই ৰৈ যায় ৷ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টি (Tingkhong Constituency) আৰু দুলীয়াজান সমষ্টিৰ (Duliyajan Constituency) সীমামূৰীয়া তথা মৰাণৰ সমীপৰ লেঙেৰী আঘোণীবাৰীত বুঢ়ীদিহিং নদীয়ে (Burhidehing river) দুটা সমষ্টিক পৃথক কৰি ৰাখিছে । কেৱল মাত্ৰ নাঁৱেৰে যাত্ৰা কৰে এই সমষ্টি দুটাৰ ৰাইজে ৷ 1980 চনৰ পৰাই দাবী উত্থাপন কৰি আহিছে যদিও কোনো এজন জনপ্ৰতিনিধি তথা কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াত বছৰ বছৰ ধৰি স্থানীয় ৰাইজৰ আশা আজিও উপেক্ষিত হৈ ৰৈছে ।

দুয়োটা সমষ্টিৰ ৰাইজে বুঢ়ীদিহিং নদীখন (Burhidehing river) নাঁৱেৰে পাৰ হৈ বিভিন্ন কামত দৈনিক অহা যোৱা কৰি আহিছে । উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে 1980 চনৰ পৰাই দাবী উত্থাপন কৰি আহিছে যদিও কোনো এজন জনপ্ৰতিনিধি তথা কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়াত বছৰ বছৰ ধৰি স্থানীয় ৰাইজৰ আশা আজিও আশা হৈয়ে ৰৈছে । উল্লেখ্য যে, উক্ত স্থানত এখন পকী দলং হৈ উঠিলে জিলাখনৰ মৰাণ, টেঙাখাট, দুলীয়াজান, তিনিচুকীয়ালৈ এক চমু পথ হৈ ৰ'ব যদিও এই ক্ষেত্ৰত কোনো এখন চৰকাৰে আগ্ৰহ প্ৰকাশ নকৰাত তেলপানী ঘাটত সুদীৰ্ঘ প্ৰায় ২২ বছৰে অজিত সোনোৱাল নামৰ এজন নাৱৰীয়াই নাও চলাই ৰাইজক নদীৰ ইপাৰ-সিপাৰ কৰি আহিছে।

স্থানীয় ৰাইজৰ লগতে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা, আহোম জাতীয় গণ মঞ্চ লেঙেৰী আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উক্ত স্থানত শীঘ্ৰে এখন পকী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে । উল্লেখ্য যে, বৰ্তমানৰ নতুন চৰকাৰ খনে বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা এই দলঙখন নিৰ্মান কৰিবনে ? সেয়াহে গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক:শক্তি বিভাগৰ গতিশীলতাৰ সময়তে আমগুৰিৰ বিদ্যুৎ বিভাগৰ মৰণফাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.