ETV Bharat / state

তৰুণ গগৈৰ মৃত্যুত নিজ পৰিয়ালৰ আপোন জনক হেৰুওৱাৰ দৰেই লাগিছে : ঘাটোৱাৰ

author img

By

Published : Nov 23, 2020, 10:46 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত মৰ্মাহত উজনিৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ৷ তেওঁ কয় গগৈৰ মৃত্যুত নিজ পৰিয়ালৰ আপোন জনক হেৰুওৱাৰ দৰেই অনুভৱ হৈছে মোৰ ৷ আমি এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি হেৰুৱালো ৷ ভাৰতবৰ্ষৰ কংগ্ৰেছ পৰিয়ালৰ বাবে এক অপূৰণীয় ক্ষতি ৷ অসমৰ যি অৱস্থাত তেওঁ মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ লৈছিল সেই দ্বায়িত্বৰে এটা সু-শাসন দি গ'ল তেখেতে ৷

As_dib_pawan_singh_Ghatowar_reaction_vis_7203913
তৰুণ গগৈৰ মৃত্যুত নিজ পৰিয়ালৰ আপোন জনক হেৰুৱাৰ দৰেই লাগিছে : ঘাটোৱাৰ

ডিব্ৰুগড়, 23 নৱেম্বৰ : অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থনেৰে তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈ বৰ্তমানলৈকে অসমৰ আটাইতকৈ দীৰ্ঘকাল অসম মাতৃক সেৱা কৰাৰ সুযোগ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত মৰ্মাহত উজনিৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ৷ পৱন সিং ঘাটোৱাৰে কয়, মই নিজ পৰিয়ালৰ আপোন জনক হেৰুৱাৰ দৰে কষ্ট পাইছো ৷ অসমৰ মুখ্যমন্ত্ৰী হিচাপে অগ্নিগৰ্ভা অসমৰ দ্বায়িত্ব গ্ৰহণ কৰি এটা সু-শাসন দি গ'ল তেখেতে ৷ তেওঁৰ যি মৰমীয়াল স্বভাৱ সদায় মানুহৰ অন্তৰত থাকিব । যি ধৰণে সকলোকে ব্যৱহাৰ কৰিছিলে,সংস্পৰ্শলৈ আহি যি কথা শিকিলো আজীৱন মনত থাকিব ৷ তেনেকুৱা এজন মহান ব্যক্তিৰ মৃত্যুত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো ৷ তেওঁ য'তেই আছে শান্তিৰে থাকক ৷ তেওঁৰ লগত আমি যি কাম কৰিলো সেই কামে আমাক গোটেই জীৱন অনুপ্ৰেৰণা জনাব নিস্বাৰ্থ ভাৱে ৰাইজৰ সেৱা কৰাৰ বাবে ৷

তৰুণ গগৈৰ মৃত্যুত নিজ পৰিয়ালৰ আপোন জনক হেৰুওৱাৰ দৰেই লাগিছে : ঘাটোৱাৰ

তেওঁ কয় যে, এইগৰাকী জন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তিৰ বিয়োগে গোটেই অসমৰ কাৰণে বৃহৎ ক্ষতি, বিশেষকৈ কংগ্ৰেছ পৰিয়ালৰ কাৰণে ই এক অপূৰণীয় ক্ষতি ৷ ভাৰতবৰ্ষৰ কংগ্ৰেছ পৰিয়ালৰ এজন বিশিষ্ট ব্যক্তিক আমি হেৰুৱালো ৷ বিভিন্ন দ্বায়িত্বৰে কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ,সাধাৰণ সম্পাদক হিচাপে বিভিন্ন দ্বায়িত্বত তেওঁ ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ লগত অতি ঘনিষ্ঠ ভাৱে দেশৰ আৰু কংগ্ৰেছৰ সেৱা আগবঢ়াই গৈছে ৷

লগতে কয়, অসমৰ যি অৱস্থাত তেওঁ মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ লৈছিল সেই দ্বায়িত্ববোধেৰে অসমলৈ এটা সুস্থিৰ পৰিৱেশ ঘূৰাই আনিলে তাৰ বাবে সদায় অসমৰ ৰাইজে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিব ৷ 2000 চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু মই উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো আৰু সেই সময়ত অসমৰ যি অশান্তিকৰ পৰিস্থিতি আছিল, সেই সময়তে অসমক ইমূৰৰ পৰা সিমূৰলৈ গৈ যেনেদৰে কংগ্ৰেছ দলটোক শক্তিশালী কৰি পুনৰ গঠন কৰিছিল, তাৰ ফলতে ২০০১ চনত অসমৰ ৰাইজে অসমত কংগ্ৰেছৰ চৰকাৰ গঠনৰ সুবিধা দিছিলে ৷ তেতিয়াৰে পৰা এবাৰ, দুবাৰ নহয় তিনি বাৰকৈ অসমৰ ৰাইজৰ আশীৰ্বাদেৰে অসমত তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল ।

লগতে পঢ়ক:অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.