ETV Bharat / state

খোৱাঙত "পঙ্ক পদ্ম" অভিনন্দন গ্ৰন্থ উন্মোচন

author img

By

Published : Nov 2, 2020, 10:07 PM IST

Updated : Jun 28, 2022, 11:44 AM IST

খোৱাঙত কৃতী শিক্ষক ডিম্বেশ্বৰ চেতিয়াৰ ৮০ সংখ্যক জন্ম দিন উদযাপন কৰা হয় ৷ "পঙ্ক পদ্ম" অভিনন্দন গ্ৰন্থ উন্মোচন ৷

খোৱাঙত পঙ্ক পদ্ম অভিনন্দন গ্ৰন্থ উন্মোচন
কৃতী শিক্ষক ডিম্বেশ্বৰ চেতিয়া

মৰাণ, 2 নবেম্বৰ : ৰাজ্যিক বঁটা প্ৰাপক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, নাৰী উচ্চ শিক্ষা প্ৰসাৰৰ কাণ্ডাৰী তথা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ চেতিয়াৰ ৮০ সংখ্যক জন্মদিন দেওবাৰে খোৱাং পিথুবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় । জন্ম দিনৰ লগত সংগতি ৰাখি কৃতী শিক্ষক চেতিয়াই শৈক্ষিক, সাহিত্য, সংস্কৃতি, বৃহত্তৰ খোৱাং অঞ্চলত নাৰী উচ্চ শিক্ষা প্ৰসাৰৰ বাবে অৰিহণা আৰু পূৰ্বাঞ্চল তাই সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়াই অহা অৰিহণা সমূহৰ বিষয়ে বিভিন্ন জন গুণী-জ্ঞানী লোকৰ লেখনিৰে সমৃদ্ধ "পঙ্ক পদ্ম" শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰে বিহপুৰীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গহীন চন্দ্ৰ শইকীয়াই ।

সাংবাদিক বিপিন চন্দ্ৰ শৰ্মাৰ দ্বাৰা সম্পাদিত প্ৰকাশিত অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰি শইকীয়াই কয় ডিম্বেশ্বৰ চেতিয়াই জীৱনৰ অধিকাংশ সময় বৃহত্তৰ খোৱাং অঞ্চলত শিক্ষা আৰু তাই ভাষা সাহিত্যৰ উত্তৰণৰ বাবে কাম কৰিলে । তেওঁ ৰচনা কৰা শিশু গ্ৰন্থ সমূহে ইতিমধ্যে যথেষ্ট সমাদৰ লাভ কৰিছে । লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কৃষ্ণকান্ত বৰাৰ পৌৰহিত‍্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতিৰ লগতে সভাত উপস্থিত থকা সকলো শুভাকাংক্ষী লোকে চেতিয়াক একোটাকৈ জন্মদিনৰ বাবে উপহাৰ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে ।

উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত শিক্ষক তুলাৰাম সোণোৱাল, গ্ৰন্থ উপদেষ্টা ৰত্নেশ্বৰ গগৈ, পিথুবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনা দেৱী, অৱসৰপ্ৰাপ্ত অধ্যক্ষা বীনা গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা বীনা বুঢ়াগোহাঁই চেতিয়া, অৱসৰপ্ৰাপ্ত শিক্ষক নোমল চন্দ্ৰ গগৈ ,বিশিষ্ট সাংবাদিক শোভিত কুমাৰ ছেত্ৰীৰ লগতে অভিনন্দন গ্ৰন্থখনি বিভিন্ন লেখনিৰে সমৃদ্ধ কৰা ভালে সংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে ।

লগতে পঢ়ক : চাঞ্চল্যকৰ : একেটা পৰিয়ালৰে পাঁচজনৰ আত্মহত্যা

Last Updated : Jun 28, 2022, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.