মৰাণ, 28 ডিচেম্বৰ : ডিব্ৰুগড় জিলা আবকাৰী বিভাগে জিলাখনত চলি থকা অবৈধ চুলাইৰ লগতে অবৈধ দেশীয় মদৰ ব্যৱসায় বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও, অবৈধ মদৰ ব্যৱসায় বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আজি পৰ্যন্ত ৷ বিশেষকৈ জিলাখনৰ গ্ৰামাঞ্চল আৰু বাগিছা অঞ্চলত অবৈধ মদৰ ব্যৱসায় ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
![ডিব্ৰুগড়ত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10039654_321_10039654_1609173442632.png)
যাৰ বাবে সোমবাৰে আবকাৰী বিভাগে ডিব্ৰুগড় সদৰৰ মেডিকেল গেট, আলুবাৰী, চানমাৰিঘাট, পল্টন বজাৰ আদি এলেকাত অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই ১৪০ লিটাৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয় ৷ বিভাগীয় কৰ্তৃপক্ষই সেইসমূহ জব্দ কৰি নষ্ট কৰা বুলিও জানিবলৈ দিয়ে ৷ আবকাৰী বিভাগে তেওঁলোকৰ এই অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ আহ্বান জনায় ৷
লগতে পঢ়ক: নেলীৰ ৰাজপথত জ্বলিল তেলভৰ্তি টেংকাৰ