মৰাণ, 22 জুলাই : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছৰে পৰা ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী তথা আবকাৰী বিভাগ (Excise Department)ৰ অভিযান ৷ প্ৰতিদিনে অসম আৰক্ষীয়ে (ASSAM POLICE) ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ (Drug)তথা নিচাজাতীয় সামগ্ৰী ৷ এই অভিযানত আৰক্ষীয়ে বহুকেইটা ড্ৰাগছৰ ঘাটিও উৎখাত কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ৰাজ্যখনত ক‘ৰণাকালীন পৰিস্থিতিৰ অন্ত পেলোৱাৰ উদ্দেশ্যে এইবাৰ চৰকাৰে আৰক্ষীক ৰাজ্যৰ পৰা চুলাই মদৰ ঘাটিসমূহ নাইকিয়া কৰিবলৈ নিৰ্দেশ দিছে ।
![Operation against illegal wine by Dibrugarh Excise department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8042to8050-operationagainstillegalwinebydibrugarhexcisedepartment-as10031_21072021211522_2107f_1626882322_834.jpg)
মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ দিয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন জিলাৰ আবকাৰী বিভাগৰ দৰে সক্ৰিয় হৈ পৰিছে ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগ (Excise Department) । বুধবাৰ দিনটোত ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত চলিল আবকাৰী অভিযান । ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগে (Excise Department) জিলাখনৰ জুলীয়া বস্তি, মধুবন, মধু তিং, ১ নং সোণালী পথ, তিলৈ বঙালী লাইন, কেকুৰী সোণোৱাল গাঁও, বৰপথাৰ, গছ পুৰিয়া, আলুবাৰী, অসম মেডিকেল গেট, আমলাপট্টী, বকুল চাহ বাগিচা, চাউলখোৱা বৰ লাইন, জকাই কোঁৱৰগাওঁ, চেঁচা চাহ বাগিচা, দহ ঘৰীয়া আদি স্থানত অবৈধ সুৰা (Illegal liquor)ৰ বিৰুদ্ধে অভিযান চলায় ।
![Operation against illegal wine by Dibrugarh Excise department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8042to8050-operationagainstillegalwinebydibrugarhexcisedepartment-as10031_21072021211522_2107f_1626882322_285.jpg)
ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগে (Excise Department)এই অভিযানত প্ৰায় ৭০ লিটাৰ দেশীয় সুৰা, ৯৪০ লিটাৰ চুলাই প্ৰস্তুত কৰা সামগ্ৰী, ১৪ টা সুৰা বনোৱা সৰঞ্জাম আৰু ২২০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে প্ৰায় ২৩ লিটাৰ বিলাতি সুৰা জব্দ কৰে । অৱশ্যে আবকাৰী বিভাগে অভিযানৰ সময়ত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগে (Excise Department)প্ৰতিদিনে অবৈধ সুৰা (Illegal liquor)ৰ বিৰুদ্ধে এই অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক : বৰপথাৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ