ETV Bharat / state

ভাগিনীয়েকক নিচাযুক্ত দৰৱ সেৱন কৰাই ধৰ্ষণ, আটক অভিযুক্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ঘটনা দৈনন্দিন বৃদ্ধি পাবলৈ ধৰাৰ সময়তে মুখ্যমন্ত্ৰী গৃহ চহৰ ডিব্ৰুগড়ত এগৰাকী কিশোৰীক নিচাযুক্ত ঔষধ সেৱন কৰাই উপযুপৰী ধৰ্ষণ কাণ্ড সংঘটিত হোৱা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

one person was arrested in Dibrugarh for alligation of rape against him
ভাগিনীয়েকক নিচাযুক্ত দৰৱ সেৱন কৰাই ধৰ্ষণ, আটক অভিযুক্ত
author img

By

Published : Sep 8, 2020, 8:50 PM IST

ডিব্ৰুগড়, 8 চেপ্টেম্বৰ : ডিব্ৰুগড়ত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন লোক। নিজৰ ভাগিনীয়েকক নিচাযুক্ত দৰৱ সেৱন কৰাই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিকি আহমেদ নামৰ এজন যুৱকৰ বিৰুদ্ধে। ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰত সংঘটিত হৈছে এই ঘটনা ।

অভিযোগ অনুসৰি, ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ অঞ্চলৰ কাউৰী পট্টীত এগৰাকী ১৫ বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ কৰে ৰিকি আহমেদ উৰফে বিকি নামৰ এজন যুৱকে । অভিযোগ মতে, অভিযুক্ত লোকজনে প্ৰায় ২০ দিন ধৰি ধৰ্ষণ কৰে দুৰ্ভগীয়া কিশোৰী গৰাকীক । অৱশেষত ধৰ্ষিতা কিশোৰীয়ে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেহেম বজাৰ কাউৰী পট্টীৰ পৰা গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী ৰিকি উৰফে বিকিক। ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 448/376 DA, 500, RW POCSO ৰ অধীনত 1513 নম্বৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

ইতিমধ্যে ধৰ্ষিতা যুৱতী গৰাকীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে নিকৃষ্ট ঘটনাটো সন্দৰ্ভত ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ন্যায় দিবৰ বাবেও আদালতত আবেদন জনাব বুলিও জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই।

ভাগিনীয়েকক নিচাযুক্ত দৰৱ সেৱন কৰাই ধৰ্ষণ, আটক অভিযুক্ত
ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ঘটনা দৈনন্দিন বৃদ্ধি পাবলৈ ধৰাৰ সময়তে মুখ্যমন্ত্ৰী গৃহ চহৰ ডিব্ৰুগড়ত এগৰাকী কিশোৰীক নিচাযুক্ত ঔষধ সেৱন কৰাই উপযুপৰী ধৰ্ষণ কাণ্ড সংঘটিত হোৱা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ নাৰী সুৰক্ষা তথা নাৰী সন্দৰ্ভত বিভিন্ন আঁচনি ৰূপায়ণৰ বিষয়ে ঘোষণা কৰা চৰকাৰে মুখ্যমন্ত্ৰী গৃহনগৰত সংঘটিত ঘৃণনীয় ঘটনাৰ উচিত তদন্ত তথা ধৰ্ষণকাৰীক কঠোৰতকৈ কঠোৰতম শাস্তি দাবী কৰিছে ৰাইজে।

লগতে পঢ়ক: দুই দিব‍্যাংগ সন্তানক লৈ অসহায় পিতৃ-মাতৃৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.