ETV Bharat / state

খোৱাঙত কৰ'ণাত আক্ৰান্ত এগৰাকী কিশোৰীঃ গণসংক্ৰমণৰ শংকা অঞ্চলবাসীৰ

author img

By

Published : Jul 26, 2020, 10:31 AM IST

কিশোৰী গৰাকীৰ সৈতে উক্ত অনুষ্ঠানলৈ যোৱা ব্যক্তি সকলক স্বাস্থ্য বিভাগে চিনাক্ত কৰি এখন দিঘলীয়া তালিকা প্ৰস্তুত কৰাৰ লগতে কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলৰ পাঁচটা বাসগৃহ স্বাস্থ্য বিভাগে  কনটেইনমেণ্ট জন হিচাপে ঘোষণা কৰিছে । আ

ONE GIRL TESTED COVID POSITIVE IN DIBRUGARH KHOWANG
খোৱাঙত কৰ'ণাত আক্ৰান্ত এগৰাকী কিশোৰী

মৰাণ, 26 জুলাইঃ ডিব্ৰুগড় জিলাৰ খোৱাং ঘাটৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী দেহত কভিড পজিটিভ ধৰা পৰা খবৰে আজি সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজত এক আতংকময় পৰিবেশ বিৰাজ কৰিছে । জানিব পৰা মতে নিজ খোৱাং গাঁৱৰ কিশোৰী নিহা দে যোৱা কিছুদিনৰ পৰা জ্বৰ আৰু কাঁ‌হত আক্ৰান্ত হৈ আছিল । যোৱা ৰাতি কিশোৰী গৰাকীক স্বাস্থ্য অবনতি ঘটাত পৰিয়াল লোকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় । চিকিৎসকে কিশোৰী গৰাকীৰ কোভিড পৰীক্ষাৰ বাবে স্বাব সংগ্ৰহ কৰে । শনিবাৰে স্বাব টেষ্টৰ ৰিজাল্টত পজিটিভ অহাত কিশোৰী গৰাকীক চিকিৎসা মহাবিদ্যালয়ৰ কোভিড কক্ষত ভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, কিশোৰ গৰাকীয়ে যোৱা ১৪ জুলাইত খোৱাং ঘাটৰ এখন বিয়াত অংশগ্ৰহণ কৰাৰ লগতে ১৫ জুলাইত মাঘেৰিটাৰ দৰা-কইনাৰ ঘৰত বৌ ভাতটো অংশ গ্ৰহণ কৰিবলৈ গৈছিল । উক্ত বিবাহ অনুষ্ঠানটোৰ পৰাই কিশোৰী গৰাকীৰ দেহলৈ কভিড-১৯ সংক্ৰমণ হোৱা বুলি বিভিন্ন জনে মত প্ৰকাশ কৰিছে । ইফালে কিশোৰী গৰাকীৰ সৈতে উক্ত অনুষ্ঠানলৈ যোৱা ব্যক্তি সকলক স্বাস্থ্য বিভাগে চিনাক্ত কৰি এখন দিঘলীয়া তালিকা প্ৰস্তুত কৰাৰ লগতে কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলৰ পাঁচটা বাসগৃহ স্বাস্থ্য বিভাগে কনটেইনমেণ্ট জন হিচাপে ঘোষণা কৰিছে । আনহাতে কিশোৰীগৰাকী পিতৃ ককায়েক ভায়েকৰ সৈতে খোৱাং ঘাটত এখন গেলামালৰ দোকান আছে । উক্ত দোকান খনৰ পৰাও খোৱাঙত এক গণ সংক্ৰমণৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.