ETV Bharat / state

খোৱাঙত সন্ধানহীন ছাত্ৰঃ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সন্দেহ

বঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে খোৱাঙত এগৰাকী ছাত্ৰক উটুৱাই নিয়াৰ সন্দেহ ৷ বিগত তিনি ধৰি সন্ধানহীন হৈ আছে ছাত্ৰগৰাকী ৷

author img

By

Published : Jun 28, 2020, 8:41 PM IST

খোৱাংত তিনিদিন  ধৰি সন্ধানহীন এজন ছাত্ৰ
খোৱাংত তিনিদিন ধৰি সন্ধানহীন এজন ছাত্ৰ

মৰাণ, 28 জুনঃ মৰাণ সমষ্টিৰ খোৱাঙৰ মাজেৰে বৈ যোৱা বঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে অতিক্ৰম কৰিছে বিপদসীমা ৷ তেনে সময়তে নৈখনৰ নিকটৱৰ্তী হালধিবাৰী কোঁৱৰ গাঁৱৰ এজন ছাত্ৰ বিগত তিনি সন্ধানহীন হৈ আছে ৷ গাঁওখনৰ ইন্দ্ৰ বুঢ়াগোঁহাই নামৰ লোকৰজনৰ কনিষ্ঠ পুত্ৰ তোৰণ বুঢ়াগোঁহাই সন্ধানহীন হৈ আছে বিগত তিনিদিনে ৷ যাক লৈ সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত ৷

খোৱাঙত সন্ধানহীন ছাত্ৰঃ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সন্দেহ

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ গৰাকীয়ে বুঢ়ীদিহিঙৰ এৰাসুঁতিৰ কাষত থকা প্ৰায় দুবিঘা মাটিত ভেণ্ডি খেতি কৰিছিল ৷ কিন্তু বুঢ়ীদিহিঙৰ বাঢ়নী পানী বুৰাই পেলাইছেল সেই খেতিডৰা ৷ পৰিয়ালৰ অজ্ঞাতে ছাত্ৰগৰাকী সেই স্থানলৈ যোৱা বুলি পৰৱৰ্তী সময়ত প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰে ৷ সম্প্ৰতি সন্ধানহীন হৈ থকা ছাত্ৰগৰাকীক বাঢ়নী পানীয়ে উটুৱাই নিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে পৰয়ালৰ লোক তথা স্থানীয় ৰাইজে ৷ সমগ্ৰ ঘটনাসন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে খোৱাং আৰক্ষী চকীত ৷

লগতে পঢ়কঃ বুঢ়াদিয়া-পাগলাদিয়া নৈৰ বানৰ কবলত নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.