ETV Bharat / state

নিতাইপুখুৰী আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী

এক গোপন সূত্ৰৰ পম খেদি নিতাইপুখুৰী আৰক্ষীয়ে দিহিং কলঘৰৰ পৰা গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ দিগন্ত দাস নামৰ আটকাধীন গাঞ্জা ব্যৱসায়ীজনৰ পৰা ৮৫০ গ্ৰাম গাঞ্জা জব্দ ৷

author img

By

Published : Jun 19, 2021, 1:42 PM IST

Nitaipukhuri police
নিতাইপুখুৰী আৰক্ষীৰ জালত এজন গাঞ্জা ব্যৱসায়ী

মৰাণ, 19 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান তীব্ৰ কৰি তোলাৰ সমান্তৰালকৈ ডিব্ৰুগড়তো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ ডিব্ৰুগড়ৰ মৰাণ অঞ্চলৰ সমীপত নিতাইপুখুৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দিহিং কলঘৰৰ পৰা গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷

আটক কৰা লোকজন দিগন্ত দাস বুলি জানিব পৰা গৈছে ৷ আটকাধীন গাঞ্জা ব্যৱসায়ীজনৰ পৰা ৮৫০ গ্ৰাম গাঞ্জা নিতাইপুখুৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, নিতাইপুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দুলুমণি তালুকদাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে দিহিং কলঘৰ অঞ্চলত অভিযান চলাই দিগন্ত দাসৰ ঘৰত মজুত ৰখা ৮৫০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা ব্যৱসায়ী দিগন্ত দাসক কৰায়ত্ব কৰে ৷

আনহাতে, মৰাণ অঞ্চলত পূৰ্বতেও আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ বহু গাঞ্জা ব্যৱসায়ীক আটক কৰিছে ৷ বিগত মাহত মৰাণ শান্তিবন শ্মশানত আৰক্ষীৰ এটা দলে অভিযান চলাই ২৬৬ গ্ৰাম গাঞ্জা জব্দ কৰিছিল ৷ একেদৰে মৰাণ ৰে'ল ষ্টেচনৰ সমীপৰ এখন ৱেলডিঙৰ দোকানত আৰক্ষীয়ে চলোৱা অভিযানত 338 গ্ৰাম গাঞ্জা সহ এজন লোক আটক হৈছিল ৷

উল্লেখ্য যে, নতুন চৰকাৰ গঠন হোৱাৰ পাচৰে পৰা ৰাজ্যত চলি থকা বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ মন্তব্য কৰাৰ পাচৰে পৰা আৰক্ষী প্ৰশাসনে ৰাজ্যত চলি থকা বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে এতিয়া অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : নামতোলাত আৰক্ষী আৰু আৱকাৰী বিভাগৰ যৌথ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.