ETV Bharat / state

টিংখঙৰ চাহ বাগিচাত বাহিৰা লোকৰ প্ৰৱেশ নিষেধ - tingkhong covid

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি টিংখঙৰ কেইবাখনো চাহ বাগিচাত বাহিৰা লোকৰ প্ৰৱেশ নিষেধ ৷ প্ৰৱেশ পথত ৰখা হৈছে বৃহৎ পানী টেংকি, চাবোন ৷ আনকি নিজৰ লাইনৰ শ্ৰমিককো অনাহকত অহা-যোৱা নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বাগিচা কৰ্তৃপক্ষই ৷

no-entry-at-tingkhong-tea-gardens
টিংখঙৰ চাহ বাগিচাত বাহিৰা লোকৰ প্ৰৱেশ নিষেধ
author img

By

Published : May 16, 2021, 2:45 PM IST

টিংখং,16 মে’ : ডিব্ৰুগড় জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে । নগৰ অঞ্চলৰ সামান্তৰালকৈ ইখনৰ পাচত সিখন গাঁৱলৈ সংক্ৰমিত হৈছে মাৰাত্মক ক’ভিড । ইতিমধ্যে বহুকেইটা চাহ বাগিচা অঞ্চলত আৰম্ভ হৈছে গণ সংক্ৰমণ । তেনে সময়ত টিংখঙৰ কেইবাখনো চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে বাগিচাৰ শ্ৰমিকসকলে অৱলম্বন কৰিছে বিশেষ সতৰ্কতা ।

বাগিচাৰ শ্ৰমিক লাইনসমূহত নিষিদ্ধ কৰিছে বাহিৰা লোকৰ প্ৰৱেশ । এজনো যাতে বাহিৰা লোক অথবা অচিনাকি লোক শ্ৰমিক লাইনত সোমাব নোৱাৰে তাৰ বাবে প্ৰতিটো শ্ৰমিক লাইনৰ পথৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়া হৈছে । প্ৰৱেশ পথত ৰখা হৈছে বৃহৎ পানী টেংকি, চাবোন আদি । নিজৰ লাইনৰ শ্ৰমিককো অনাহকত অহা-যোৱা নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে । বাগিচাত কাম কৰি ঘৰলৈ আহিলে প্ৰৱেশদ্বাৰতে থকা পানীৰে হাত ধুইহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব শ্ৰমিকলসকলে ।

টিংখঙৰ চাহ বাগিচাত বাহিৰা লোকৰ প্ৰৱেশ নিষেধ

কোনো কাৰণতে যাতে শ্ৰমিকৰ লাইনত এজনো লোক ক’ভিডত আক্ৰান্ত হ’ব নোৱাৰে তাৰ বাবে লোৱা হৈছে এই পদক্ষেপ । কিয়নো এজন শ্ৰমিক ক’ভিডত আক্ৰান্ত হ’লে সেই লাইনত গণ সংক্ৰমণ হ’বলৈ বেছি সময় নালাগিব । সেয়েহে শ্ৰমিকৰ লগতে বাগিচাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই পদক্ষেপ নিত্যান্তই গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক : বিধ্বংসী অগ্নিকাণ্ডত ছাৰ-খাৰ শিৱসাগৰৰ নতুন দৈনিক বজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.