মৰাণ, 31 জানুৱাৰী : চাহ উদ্যোগলৈ আহিছে এক সু-খবৰ ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ এবিটাৰ জিমখানা ক্লাবত শুভাৰম্ভ কৰা হয় ইন্ডফিল উদ্যোগৰ নতুন কীটনাশক ঔষধ ৷ এই ঔষধৰ শুভাৰম্ভ কৰে মুম্বাইস্থিত ইন্ডফিল কেমিকেলচৰ মুখ্য পৰ্টফলিঅ' প্ৰবন্ধক অমিত সিঙে ।
দেশৰ অন্যতম কীটনাশক ঔষধ প্ৰস্তুতকাৰী উদ্যোগ হিচাবে বিবেচিত ইন্ডফিল কেমিকেলচে 'চিজামাইট এক্ৰিচাইড' নামৰ এক নতুন কীটনাশক ঔষধ প্ৰস্তুত কৰিছে ৷ এই কীটনাশক ঔষধে সমগ্ৰ দেশৰ চাহ উদ্যোগলৈ আনিছে আশাৰ বতৰা ।
বিগত 60 বছৰ ধৰি চাহ উদ্যোগৰ বাবে বিভিন্ন কীটনাশক ঔষধ প্ৰস্তুত কৰি চাহ ব্যৱসায়ীসকলক সকাহ দি আহিছে এই উদ্যোগে ৷ চাহ পাতৰ বিভিন্ন ৰোগৰ বাবে ব্যৱসায়ীসকলে আশা কৰা ধৰণে উৎপাদিত ফচল বহু সময়ত লাভ কৰা দেখা নাযায় ৷ শেহতীয়াকৈ কুমলীয়া চাহ পাতত ৰঙা পোকবোৰে বিস্তৰ ভাৱে ক্ষতিসাধন কৰিছে । যাৰ ফলত চাহ উদ্যোগীসকল হতাশাগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে । সেয়ে ইন্ডফিল কেমিকেলচ নামৰ উদ্যোগটোৱে চাহ ব্যৱসায়ী সকলক এই ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে চিজামাইট এক্ৰিচাইড নামৰ ঔষধ বিধ প্ৰস্তুত কৰি উলিয়াইছে ৷ যি ঔষধে তাৎক্ষনিকভাৱে ক্ৰিয়া কৰি, চাহ গছসমূহ সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰিব বুলি আশাবাদী ইন্ডফিল কেমিকেলচৰ মুখ্য প্ৰবন্ধক অমিত সিং ৷
ভাৰতৰ একমাত্ৰ ইন্ডফিলৰ পেটেন্ট থকা এই কীটনাশকে মানৱ শৰীৰত কোনো অপকাৰ সাধন নকৰে ৷ আনকি ভাৰতীয় চাহ ব’ৰ্ডৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত বুলি উল্লেখ কৰে ইন্ডফিল কেমিকেলচৰ মুখ্য প্ৰবন্ধক গৰাকীয়ে ৷ এই সভাত ইন্ডফিল উদ্যোগ প্ৰতিস্থানৰ মুম্বাইৰ মিনাক্ষী শৰ্মা(ব্ৰেণ্ড মেনেজাৰ), মহেশ পাৱাৰ(প্ৰডাক্ট ডেভেলপমেন্ট মেনেজাৰ), বিদ্যাসাগৰ ৱালংকি আৰু উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক বিক্ৰেতা প্ৰবন্ধক সুভাষ দুৱৰাৰ লগতে শতাধিক চাহ উদ্যোগী উপস্থিত থাকে ৷
লগতে পঢ়ক : দেশৰ 17 কোটি শিশুক আজি প্ৰদান কৰা হ’ব পলিঅ’ প্ৰতিষেধক