ETV Bharat / state

খোৱাঙৰ শিলপুটা পাৰিজাত কলা সংগীত বিদ্যালয়ৰ নতুন গৃহ উদ্বোধন

দুগৰাকী যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ডিব্ৰুগড় জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ খোৱাঙৰ পাৰিজাত কলা সংগীত বিদ্যালয়খনত দেওবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 3 লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা বিদ্যালয়ৰ নৱনিৰ্মিত গৃহটি উদ্বোধন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷

New home inaugurated on the occasion of Foundation day by MLA Chakradhar Gogoi
খোৱাঙৰ শিলপুটা পাৰিজাত কলা সংগীত বিদ্যালয়ৰ নতুন গৃহ উদ্বোধন
author img

By

Published : Jan 4, 2021, 7:55 PM IST

মৰাণ, 4 জানুৱাৰী: গ্ৰামাঞ্চলৰ প্ৰতিভা সমূহক আগুৱাই নিয়াৰ বাবে ডিব্ৰুগড় জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ খোৱাংত স্থাপন কৰা হৈছিল শিলপুটা পাৰিজাত কলা সংগীত বিদ্যালয় ৷ দুগৰাকী যুৱতীৰ প্ৰচেষ্টাত আৰু গাঁওবাসীৰ সহযোগত গঢ় দিয়া এই পাৰিজাত কলা সংগীত বিদ্যালয়খনত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায় কৰাৰ মানসেৰে গঢ় দিয়া শিলপুটা পাৰিজাত কলা সংগীত বিদ্যালয়ৰ দেওবাৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নৱনিৰ্মিত বিদ্যালয়ৰ গৃহটি উদ্বোধন কৰা হয় ।

New home inaugurated on the occasion of Foundation day by MLA Chakradhar Gogoi
খোৱাঙৰ শিলপুটা পাৰিজাত কলা সংগীত বিদ্যালয়ৰ নতুন গৃহ উদ্বোধন

উল্লেখ্য যে, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে বৃহত্তৰ খোৱাং অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায় হ'ব পৰাকৈ হালধিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলপুটাত সাংসদ এলেকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত 3 লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পাৰিজাত কলা সংগীত বিদ্যালয়ৰ গৃহটো উদ্বোধন কৰে। এই অনুষ্ঠানত অঞ্চলটোৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.