ডিব্ৰুগড়, ১২ ছেপ্টেম্বৰ : ডিব্ৰুগড়ত এগৰাকী যুৱতীক পৰিকল্পিতভাৱে হত্যা কৰি নাটকীয়ভাৱে দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা ঘটনাই ৰাজ্য জোকাৰি গৈছে । ঘটনা অনুসৰি ১০ ছেপ্টেম্বৰৰ পুৱা ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনকভাৱে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল । যুৱতীগৰাকীৰ কাষতে দেহত তেজ লগা অৱস্থাত উদ্ধাৰ হৈছিল এজন যুৱক আৰু এখন বিলাসী বাহন ।
উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকী খলিহামাৰীৰ বুলি চিনাক্ত কৰা পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত । কিয়নো যুৱতীগৰাকীৰ কাষত পৰি থকা যুৱক আজিজ আহমেদৰ দেহত কোনো আঘাতৰ চিন লাভ কৰা নাছিল আৰক্ষী আৰু স্থানীয় ৰাইজে ।
ইয়াৰ পাচতে সোমবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই সংবাদমেল অনুষ্ঠিত কৰি ৰাজহুৱা কৰিলে যে, ডিব্ৰুগড়ৰ বকপৰা-বকুল বাইপাছত দেওবাৰে উদ্ধাৰ হোৱা যুৱতীগৰাকীক আজিজ আহমেদ ওৰফে মুন্নাই পৰিকল্পিতভাৱে হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছিল । ইফালে হত্যাকাৰী আজিজ ওৰফে মুন্নাৰ সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য । ঘাতক বিবাহিত মুন্নাৰ মদ, জুৱা আৰু নাৰীৰ সৈতে আছে দীৰ্ঘদিনীয়া সম্পৰ্ক । আছে বহু অপৰাধজনিত গোচৰ ।
লগতে পঢ়ক : Deadbody Recovered: ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ; ঘটনাই লৈছে নতুন মোৰ
উক্ত ঘটনাৰ দিনা যুৱতীগৰাকীক নিছিল জুৱা আৰু সুৰাৰ আড্ডালৈ । বিয়লি ৩ বজাত ডিব্ৰুগড়ৰ লাহোৱাল বাইপাছত এখন ধাবাত আহাৰ গ্ৰহণ কৰিছিল । ধাবাৰ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি পুনৰ নিশা প্ৰায় ১১ বজাত উক্ত ধাবাখনলৈ দুয়ো একেলগে আহিছিল । সেই সময়ছোৱাত ধাবাৰ কৰ্মচাৰীক অভব্য আচৰণ কৰাই নহয় আৰু যুৱতীগৰাকীৰ সৈতেও কাজিয়াত লিপ্ত হৈছিল অভিযুক্ত যুৱকজন ।
উক্ত ধাবাত পুৱতি নিশালৈকে অত্যধিক সুৰাপান কৰিছিল আজিজ আহমেদে ৷ লগতে যুৱতীগৰাকীকো সুৰাপান কৰিবলৈ বাধ্য কৰাইছিল আজিজে । ইতিমধ্যে ধাবাৰ সকলো CCTV ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে । ওৰে নিশা যুৱতীগৰাকীক বলপূৰ্বকভাৱে ধাবাখনত ৰাখি পৰিকল্পিতভাৱে হত্যা কৰিছিল আজিজে ।
লগতে পঢ়ক : Dibrugarh Road accident : ডিব্ৰুগড়ৰ বকপৰা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু
ডিব্ৰুগড়ৰ একাংশৰ অভিযোগ মতে আজিজ ওৰফে মুন্নাই বিলাসী বাহনত নতুন নতুন মুখৰ নাৰী-যুৱতীৰে ঘূৰি ফুৰাৰ দৃশ্য তেনেই সুলভ । লাহোৱাল চাবুৱাৰ একাংশ ধাবাৰ সুৰাৰ আড্ডালৈ প্ৰায়ে নিছিল নতুন নতুন মুখৰ যুৱতীক । ধনৰ লোভত আজিজ আহমেদৰ দৰে অপৰাধীক যুৱতী-মহিলাৰ সৈতে মদৰ আড্ডা মাৰিবলৈ সুবিধা দি আহিছে লাহোৱাল, চাবুৱা বাইপাছৰ একাংশ ধাবাৰ গৰাকীয়ে ।
মৃত যুৱতীগৰাকীক দীৰ্ঘদিন ধৰি দি আহিছিল ধনৰ প্ৰলোভন আৰু ভয় ভাবুকি ৷ ইতিমধ্যে যুৱতীগৰাকীৰ মাতৃয়ে উল্লেখ কৰিছে এই কথা । আজিজৰ কথা নামানিলে ঘৰত গৈ হুলস্থূল সৃষ্টি কৰাৰ লগতে হত্যাৰ ভাবুকিৰ দিছিল অভিযুক্তটোৱে । এতিয়া এই অভিযুক্ত হত্যাকাৰী আজিজ আহমেদক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে ডিব্ৰুগড়ৰ ৰাইজে । ডিব্ৰুগড় আৰক্ষীয়ে উচিত তদন্ত কৰাৰ আশ্বাস দিছে যদিও আৰক্ষীৰ তদন্ত কেনেদৰে আগবাঢ়ে সময়তহে লক্ষ্যণীয় হ'ব ।
লগতে পঢ়ক : 3 murder case in Dibrugarh: তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড়, আৰক্ষী অধীক্ষকৰ সংবাদমেল