ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু - AMCHত ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা

এক পথ দুর্ঘটনাত আহত হৈ ডিব্ৰুগড় AMCH ত চিকিৎসাধীন হৈ আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনাই । কিন্তু অৱশেষত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে চাবিনা মিঞ্জে(National level female footballer passed away) ৷

national-level-female-footballer-passed-away-at-amch
ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু
author img

By

Published : Mar 13, 2022, 4:18 PM IST

মৰাণ,12 মাৰ্চ : অৱশেষত মৃত্যুৰে সৈতে যুঁজ দি হাৰ মানিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ তথা ডিব্ৰুগড় জিলাৰ মৰাণ-খােৱাঙৰ বাসিন্দা চাবিনা মিঞ্জে। উল্লেখ্য যে কিছুদিন পূৰ্বে এক পথ দুর্ঘটনাত আহত হৈ ডিব্ৰুগড় AMCHত চিকিৎসাধীন হৈ আছিল চাবিনা(Assam female footballer Sabina Minj passed away) । কিন্তু চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড় খোৱাঙৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু হয় ৷

National level female footballer passed away at AMCH
ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু

এয়া অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি । ডিব্ৰুগড় জিলাৰ খোৱাঙৰ শালমাৰি চাহ বাগিচাৰ বাসিন্দা আছিল মহিলা ফুটবলাৰ চাবিনা মিঞ্জ(National level female footballer passed away) ৷

উল্লেখ্য যে,মৰাণৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বিগত কেইদিনমান পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰগৰাকী অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাত আছিল ৷ ইয়াৰ পাছতে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাই(State Sports Minister Bimal Bora in Dibrugarh AMCH)খেলুৱৈ গৰাকীৰ স্বাস্থ্য বুজ লৈ উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল । কিন্তু শনিবাৰে দুৰ্ভাগ্যজনকভাৱে অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ।

লগতে পঢ়ক : Women's Day 2022 : দেশবাসীক গৌৰৱান্বিত কৰা মহিলা ক্ৰীড়াবিদসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.