ETV Bharat / state

১৬ ডিচেম্বৰৰ পৰা নামৰূপত ভাওনা সমাৰোহ

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু নামৰূপবাসীৰ সহযোগত ১৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ভাওনা সমাৰোহ(Namrup Bhaona Samaroh) ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সমাৰোহখনিৰ লাইখুঁটা শুকুৰবাৰে স্থাপন কৰা হয় ৷

author img

By

Published : Dec 4, 2021, 1:08 PM IST

Namrup Bhaona Samaroh
১৬ ডিচেম্বৰৰ পৰা নামৰূপত ভাওনা সমাৰোহ

মৰাণ, 4 ডিচেম্বৰ : জাতীয় সমস্যাসমূহক লৈ আন্দোলন কৰাৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা(All Dibrugarh District Students Union)ই এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ভাওনা(Srimanta Sankardeva Bhaona) সংস্কৃতিক পুনৰ উজ্জীৱিত কৰাৰ বাবে প্ৰচেষ্টা চলাইছে ।

সেই অনুসৰি, ১৬ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে নামৰূপত অনুষ্ঠিত হ'ব ভাওনা সমাৰোহ(Namrup Bhaona Samaroh) । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু নামৰূপবাসীৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া ভাওনা সমাৰোহৰ লাইখুঁটা শুকুৰবাৰে আধ্যাত্মিক পৰিৱেশৰ মাজেত স্থাপন কৰা হয় ৷

নামৰূপ ৰাজহুৱা খেলপথাৰত ১৬ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপনৰ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নামৰূপৰ বৰনামঘৰৰ ভকত বীৰেণ শইকীয়াই ৷ আধ্যাত্মিক নীতি-নিয়মেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি গিৰিণ মহন্ত আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই ৷

লগতে পঢ়ক: চৰাইদেউ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচাদৰ হ'ল কণ্ঠশিল্পী কুসুম কৈলাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.