মৰাণ, ৬ জুন : সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ক'ভিডৰ(covid-19) সংক্ৰমণ । কৰ'ণাৰ(corona) ফলতে বহু লোক কৰ্মহীন হৈ পৰিছে । কিন্তু ইয়াৰ মাজতো হতাশ হোৱা নাই অসমৰ একাংশ কৃষক । বিশেষকৈ মুগা শিল্পত জড়িত একাংশ লোকে চলাই গৈছে জীৱন সংগ্ৰাম ।
সম্প্ৰতি জলবায়ু পৰিৱৰ্তনৰ বাবে অসমত মুগা উৎপাদন উদ্বেগজনক হাৰত হ্রাস পাইছে । তথাপিও মুগা উৎপাদন কৰি জীৱন জীৱিকাৰ বাট বুলিছে বহু মুগা পালকে । ক্ৰমাৎ লুপ্তপ্ৰায় এই মুগা খেতিত ব্যস্ত উজনি অসমৰ আদৰ্শ মুগাপালক মৰাণৰ বেজপথাৰৰ দিলীপ বৰুৱা, বিপুল বৰুৱা আৰু দেৱকান্ত বৰুৱা । ছয় বিঘা চোমণিত মুগা খেতি কৰি ইতিমধ্যে জেঠুৱা বাঁহৰ মুগা পকিবলৈ আৰম্ভ কৰিছে । এইবাৰ এওঁলোকে ৪০-৪৫ হাজাৰ মুগা পকাব । ভাল খবৰ এই যে তেওঁলোকে পকোৱা মুগা সূতা যোৱা বছৰ প্ৰতি কেজিত ২২ হাজাৰ টকাত বিক্ৰী কৰিছিল ।
কিন্তু অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ সবল কৰি পৰিয়াল পোহপাল দিয়া এই সকল আদৰ্শ মুগা পালকে আজিও লাভ কৰা নাই চৰকাৰী সাহাৰ্য । এওঁলোকে এতিয়া চৰকাৰী সহায়ৰ বাবে আৰু মুগাৰ লগতে সূতাৰ উপযুক্ত মূল্য দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে । ইফালে অসমৰ পাঁচখন জিলাত সূতাৰ ভঁৰাল স্থাপন কৰা কাৰ্যক এওঁলোকে আদৰণি জনাইছে । মুগাৰ কঠিয়া বা সঁচ ৰখাৰ এই ভঁৰাল যাতে মুগা খেতিয়ক সকলৰ সুবিধা হোৱাকৈ কাষৰীয়া অঞ্চলত স্থাপন কৰে তাৰ প্ৰতিও আহ্বান জনায় মুগাপালক কেইজনে ।
লগতে পঢ়ক:ক'ভিডৰ(Covid-19) তৃতীয় ঢৌৰ বাবে সাজু হৈছে স্বাস্থ্য বিভাগ