মৰাণ, 19 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ মৰাণৰ নাহৰণি যুৱ সংঘ আৰু স্থানীয় ৰাইজৰ উদ্যোগত শিল্পী দিৱসৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ যুৱ সমাৰোহ অনুষ্ঠিত হয় ।
শিল্পী দিৱসৰ দিনা সংঘৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ৰাইজে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পন কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত 'ক' শাখাত ১ম শ্ৰেনীৰ পৰা ৪ৰ্থ শ্ৰেনীলৈ আৰু 'খ' শাখাত ৫ম শ্ৰেনীৰ ৭ম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ৮ম শ্ৰেনীৰ পৰা ১০ম শ্ৰেনীলৈ ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় । একেদৰে 'ক', 'খ' আৰু 'গ' শাখাত পঢ়া আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় । দ্বিতীয় দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেবাটাও শাখাত বিভিন্ন ধৰণৰ খেল-ধেমালিও অনুষ্ঠিত কৰা হয় ।

আনহাতে যুৱ সমাৰোহৰ অন্তিম দিনা পুৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মাৰাথান দৌৰ অনুষ্ঠিত হয় । দিনৰ ভাগত অনুষ্ঠিত হোৱা বঁটা বিতৰণি সভা ও মুকলি সভাখনি সভাপতিত্ব কৰে নাহৰণি যুৱ সংঘৰ সভাপতি জিতু ডেকাবৰুৱাই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংঘৰ সাধাৰণ সম্পাদক যতীন হাজৰিকাই । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী অঞ্জুমণি গগৈ । বিশিষ্ট অতিথি গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক জীৱনত কেনেদৰে সফলতা অৰ্জন কৰিব পাৰে তাৰ ওপৰত সহজ সৰল ভাষাত সময়োপযোগী মন্তব্য দাঙি ধৰে ।
উক্ত সভাতে নাহৰণি গাঁৱৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে । ইয়াৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ইংৰাজী বিভাগত সপ্তম স্থান দখল কৰি অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনা ইমন হাজৰিকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পাপৰি বড়া, পাহি শইকীয়া, কংকনা হাজৰিকা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ পবিত্ৰ কছাৰী, জুৰি শইকীয়াক সংঘৰ তৰফৰ পৰ সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত অতিথি হিচাপে উপস্থিত থাকে যুৱ সাংবাদিক প্ৰণৱ ডেকাবৰুৱা, বৈকুণ্ঠ প্ৰসাদ বুঢ়াগোঁহাই, নাহৰণি যুৱ সংঘৰ উপদেষ্টা মনোজ শইকীয়াসহ বহু গণ্যমান্য ব্যক্তি তথা স্থানীয় ৰাইজ ।
লগতে পঢ়ক: নিবার্চনলৈ সাজু বিজেপি: চাৰি জ্যেষ্ঠ নেতাই বিচাৰিলে ৰাইজৰ পৰামর্শ