মৰাণ,29 ডিচেম্বৰ: শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মৰাণৰ তিলৈ গ্ৰাম্যবজাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা টাই আহোম যুৱ পৰিষদ,অসম (টাইপা)ৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি পৰে সোমবাৰে ৷ অন্তিম দিনা সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হয় দিনযোৰা কাৰ্যসূচী ৷ মৰাণৰ পৰিদৰ্শন ভৱনৰ পৰা অধিৱেশনস্থলীলৈকে উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত টাই আহোমৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।

আবেলি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্বত কৰে টাইপা প্ৰাক্তন কেন্দ্ৰীয় সভাপতি হৰেন ফুকনে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, শিক্ষাবিদ দয়ানন্দ বুঢ়াগোহাঁই, কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চেমন টেৰণ, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুদ্ধিন সোনোৱাল, মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ-সভাপতি প্ৰাণদ্বীপ মহন, উদযাপন সমিতিৰ সভাপতি সূৰ্য বৰগোহাঁইকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ।

ভাষণ প্ৰসংগত চক্ৰধৰ গগৈয়ে কয় জাতিটোক একত্ৰিত কৰি আগুৱাই নিবলৈ টাই আহোম যুৱ পৰিষদে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব লাগিব । আবেগৰ বশৱৰ্তি নহৈ অসমীয়া জাতিটোক সকলো দিশৰ পৰা আগুৱাই নিবলৈ সংগঠনটোৱে অনাগত দিনত বিশেষভাৱে কাম কৰিব বুলি আশা প্ৰকাশ কৰে । আহোম সকল সু-শৃংখল আৰু সুসভ্য জাতি। ধৰ্ম আৰু নিজৰ মাজত কাজিয়াৰ বাবে আহোমে ছয়শ বছৰীয়া শাসন হেৰুৱাইছিল। সেয়ে ধৰ্ম আৰু নিজৰ মাজত কাজিয়া নকৰিব বুলি পৰামৰ্শ দিয়ে শিক্ষাবিদ দয়ানন্দ বৰগোহাঁইয়ে ৷

উল্লেখযোগ্য যে, কেন্দ্ৰীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ভীমকান্ত বুঢ়াগোহাঁই(মামা) সোঁৱৰণত দেহশ্ৰী প্ৰতিযোগিতাত 'মিষ্টাৰ মৰাণ'ত মৰাণৰ মুনীন গগৈয়ে 'মিষ্টাৰ মৰাণ' খিতাপ অৰ্জন কৰি ভীমকান্ত বুঢ়াগোঁহাই(মামা) সোঁৱৰণী নগদ ধনৰ বঁটা মানপত্ৰ আৰু অতুল চন্দ্ৰ বৈৰাগী সোঁৱৰণী ট্ৰফী লাভ কৰে। সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা মিষ্টাৰ চুপাতফা(গদাধৰ সিংহ) দেহশ্ৰী প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাহুল শ্বেখে লাভ কৰে মিষ্টাৰ চুপাতফা সন্মানৰ খিতাপ ৷
লগতে পঢ়ক: প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱাক 'ৰত্নপুৰ বঁটা' প্ৰদান