ETV Bharat / state

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে মৰাণত প্ৰতিবাদ

author img

By

Published : Jul 24, 2020, 4:07 PM IST

পৰিৱৰ্তনৰ শ্লো'গান দি ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৰিৱৰ্তনৰ নামত যে কেৱল ঢাক-ঢোল বজাইছে সেয়াই প্ৰমাণ হৈছে মৰাণত ৷ মৰাণৰ সমীপৰ খুমটাইত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৩২নং তৈল খাদটোৰ সংযোগী পথটো যাতায়তৰ অনুপযোগী হৈ পৰাত পথ পকীকৰণৰ দাবীৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত চৰকাৰ তথা অইল ইণ্ডিয়া লিমিটেডে পথটো মেৰামতি কৰাৰ ব্যৱস্থা নকৰিলে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ ৰাইজৰ ৷

MORAN OIL INDIA LIMITED ROAD BLOCK
অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে মৰাণত প্ৰতিবাদ

মৰাণ, 24 জুলাই : পৰিৱৰ্তনৰ শ্লো'গান দি ৰাজপাট দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৰিৱৰ্তনৰ নামত যে কেৱল ঢাক-ঢোল বজাইছে সেয়াই প্ৰমাণ হৈছে মৰাণত ৷

মৰাণৰ সমীপৰ খুমটাইত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৩২ নং তৈল খাদটোৰ সংযোগী পথটো যাতায়তৰ অনুপযোগী হৈ পৰাত পথ পকীকৰণৰ দাবীৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰৰ গড়কাপ্তানী বিভাগ আৰু অইল ইণ্ডিয়া লিমিটেডক পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শুকুৰবাৰে মৰাণ খুমটাই সেউজপুৰ বহুমূখী উন্নয়ন মঞ্চৰ উদ্যোগত স্থানীয় পুৰুষ-মহিলাই উক্ত পথটোত চৰকাৰ তথা অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে,প্ৰতিবাদকাৰী ৰাইজে জানিবলৈ দিয়া অনুসৰি,বিগত ২৬ বছৰ ধৰি অইল ইণ্ডিয়াই খাদটোত তেল খনন কৰি আছে যদিও পথটো পকীকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই । যাৰ বাবে স্থানীয় ৰাইজে পথটোৰ যন্তনাত অতীষ্ঠ হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনকি,পৰৱৰ্তী সময়ত চৰকাৰ তথা অইল ইণ্ডিয়া লিমিটেডে পথটো মেৰামতি কৰাৰ ব্যবস্থা নকৰিলে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ লগতে অনিদিষ্ট কাললৈ ৰাইজে তৈল খাদটো বন্ধ কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আজি ৰায়দানৰ সম্ভাৱনা পাইলট বাহিনীৰ আবেদনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.