ETV Bharat / state

অনবৰতে বিকল খোৱাঙৰ একমাত্ৰ এ টি এম

খোৱাঙৰ একমাত্ৰ এ টি এমটো বহু দিন ধৰি বিকল হৈ আছে । গুৰুত্ব নাই বেংক কতৃপক্ষৰ । পুৰণি কলিয়া এ টি এমৰ ঠাইত নতুন এ টি এম সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী ব্য়ৱসায়ী তথা স্থানীয় ৰাইজৰ ।

author img

By

Published : Dec 26, 2020, 10:50 PM IST

অনবৰতে বিকল খোৱাঙৰ একমাত্ৰ এ টি এম
অনবৰতে বিকল খোৱাঙৰ একমাত্ৰ এ টি এম

মৰাণ , ২৬ ডিচেম্বৰ : সমস্য়াৰ অন্ত নাই মুখ্য়মন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত । সমস্যাৰ সমাধান হোৱাৰ বিপৰীতে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে জিলাৰ অন্তৰ্গত খোৱাঙত । অঞ্চলটোৰ মাজমজিয়াত ৰাইজৰ সুবিধাৰ বাবে ভাৰতীয় ষ্টেট বেংকে এটা এ টি এম স্থাপন কৰিছিল । কিন্তু মাহটোৰ বেছিভাগ সময়ে এটিএমটো বিকল হৈ থকাত অতিষ্ঠ হৈছে অঞ্চলটোৰ ৰাইজ । কিন্তু এই বিষয়ে জনোৱাৰ পাছতো বিভাগীয় কতৃপক্ষই গুৰত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।

বহু আশা কৰি গ্ৰামাঞ্চলৰ পৰা বিভিন্নজনে টকা উলিয়াবলৈ আহি নিৰাশ মনেৰে উভতি যাবলগীয়া হয়। এনেদৰে সঘনাই বিকল হৈ থকাত গ্ৰাহকে উপায় নাপাই কোনোৱে এ টি এমৰ ওপৰত সপ্তাহত চাৰিদিনে বেয়া থাকে বুলি লিখি থৈ গ'ল । খোৱাঙৰ সকলো ব্যৱসায়ী সম্প্ৰতি বিপাঙত পৰিছে । উক্ত এ টি এম টোৰ বিষয়ে পূৰ্বতে খোৱাং ব্যৱসায়ী সন্থাৰ লগতে বিভিন্ন সংগঠনে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো সুফল নোপোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে । খোৱাংবাসী ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে উক্ত পুৰণি কলিয়া এ টি এমৰ ঠাইত নতুন এ টি এম সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ।
লগতে পঢ়ক :মৰিগাঁৱত দ খাৱৈত বাগৰি পৰিল বলেৰ' পিক ভান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.