মৰাণ,১৭ছেপ্টেম্বৰ:কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ(Govt cheated six communities of Assam)পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে । অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে ৰাজ্য দল-সংগঠন সমূহ ।
বৃহস্পতিবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছয় জনগোষ্ঠীৰ নেতৃত্বই । ৰাজ্যৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি । ইয়াৰ উপৰিও ২৬ছেপ্তেম্বৰত ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ।
ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে শনিবাৰে মৰাণ জনজাতিকৰণক লৈ বিধায়ক চক্ৰধৰ গগৈয়ে(MLA Chakradhar Gogoi react on ST)প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিধায়ক চক্ৰধৰ গগৈয়ে কয় যে,'ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাটো মই বিচাৰো । অসমৰ খিলঞ্জীয়া ছয়টা জনগোষ্ঠীয়ে যি জনজাতিৰ মৰ্য্যদা বিচাৰিছে এইটো পাব লাগে ।' ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কাম আগবঢ়াইছে বুলি কয় বিধায়ক গগৈয়ে ।
আনহতে, ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ২৬ ছেপ্তেম্বৰত ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰাক লৈ বিধায়কগৰাকীয়ে কয় যে, প্ৰতিবাদ কৰাটো সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে ।