ETV Bharat / state

চাবুৱাত মুখ্যমন্ত্ৰী আৰু বিনোদ হাজৰিকাৰ, কলিয়াবৰত কেশৱ মহন্তৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ

author img

By

Published : Dec 11, 2019, 8:33 PM IST

সমষ্টিয়ে সমষ্টিয়ে প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে মন্ত্ৰী বিধায়কৰ বাসগৃহ ৷ বুধবাৰে ক্ষুদ্ধ জনতাই ঘেৰাও কৰিলে মুখ্যমন্ত্ৰীৰ বাসগৃহ ৷ প্ৰতিবাদকাৰীৰ ৰোষৰ পৰা বাচি ন'গল বিধায়ক নৰেণ সোনোৱাল , বিনোদ হাজৰিকা তথা মন্ত্ৰী কেশৱ মহন্তও ৷

minister mls house gherao in assam
বুধবাৰে ক্ষুদ্ধ জনতাই ঘেৰাও কৰিলে মুখ্যমন্ত্ৰীৰ বাসগৃহ

নিউজ ডেক্স , 11 ডিচেম্বৰঃ কেব বাতিলৰ দাবীত বুধবাৰে চাবুৱাস্থিত মুখ্যমন্ত্ৰীৰ গৃহ গাঁও বিন্ধাকটা মুলুক গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ প্ৰতিবাদত অচল হৈ পৰিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা ৷ সহস্ৰাধিক শ্ৰমিক ৰাইজে ঘেৰাও কৰিলে মুলুক গাঁওস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহ ৷ বাগিচা বন্ধ কৰি প্ৰতিবাদত নামিল হাজাৰ হাজাৰ শ্ৰমিক ৷ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সমুখতে টায়াৰ জ্বলাই মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনি দিলে প্ৰতিবাদকাৰীয়ে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীৰ সৈতে হতাহতি লিপ্ত হয় প্ৰতিবাদকাৰীসকল ৷

অনুৰূপভাৱে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহ ঘেৰাও কৰে স্থানীয় দল সংগঠন তথা চাবুৱাবাসী ৰাইজে ৷ বিধায়কজনৰ প্ৰতীকী ফাঁচী দিয়ে ক্ষোভিত জনতাই ৷ আনহাতে চাবুৱাৰ চাৰিআলিৰ ৰাজপথতে সকলো ৰাইজে অৱস্থান কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ স্বস্তঃফুৰ্তভাৱে ওলাই অহা চাবুৱাবাসী ৰাইজৰ প্ৰতিবাদত একপ্ৰকাৰ অচল হৈ পৰে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা ৷ আনহাতে কলিয়াবৰত অগপ মন্ত্ৰী কেশৱ মহন্তৰ বাসগৃহ ঘেৰাও কৰিলে ক্ষুদ্ধ জনতাই ৷ আছুৰ প্ৰাক্তন সভাপতিজনক চৰকাৰ ত্যাগ কৰি অসমীয়াৰ আবেগ-অনুভূতিক সন্মান জনাবলৈ তীব্ৰ সকিয়নীৰে কলিয়াবৰৰ ছাত্ৰ আৰু যুৱ সমাজে ঘেৰাও কৰিলে কলিয়াবৰৰ বালি সত্ৰস্থিত মন্ত্ৰীজনৰ বাসগৃহ ৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে মহন্ত বিৰোধী ধ্বনিৰে কঁপাই তোলে সমগ্ৰ অঞ্চল ৷ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে প্ৰায় পাঁচ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বুধবাৰে ঘেৰাও কৰে নাহৰকটীয়াৰ অগপৰ বিধায়ক নৰেণ সোনোৱালৰ বাসগৃহ । নাহৰকটীয়া নগৰ সমিতিৰ সভাপতি তথা ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি মুকুট ৰাজকোঁৱৰ আৰু বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি তৰংগ গগৈৰ বাসগৃহও ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে ৷ নাহৰকটীয়াৰ ৰাজপথতে বিজেপিৰ পতকাও জ্বলাই দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃকাক বিশ্বাস কৰিব অসমীয়াই ? বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিশ্বজিত দৈমাৰীক !

Intro:Slug--হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ প্ৰতিবাদত অচল হৈ পৰিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা..সহস্ৰাধিক শ্ৰমিক ৰাইজে ঘেৰাও কৰিলে মুলুক গাঁৱস্হিত মুখ্যমন্ত্ৰীৰ বাসগৃহ..আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ
Byte-প্ৰতিবাদকাৰী
Reporter-Juthika phukan
Place--চাবুৱা
Date--11/12/19

Anchor-- কেব বাতিলৰ দাবীত বূধবাৰে চাবুৱাস্হিত মুখ্যমন্ত্ৰীৰ গৃহ গাঁৱত বিন্ধাকটা মুলুক গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্হিতিৰ..মুলুক গাঁৱৰ চুকে কোণে মাথো এতিয়া ক্ষোভৰ জুই..বাগিচা বন্ধ কৰি হাজাৰ হাজাৰ শ্ৰমিক ৰাইজে এইদৰে ঘেৰাও কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহ.. স্বয়ং মুখ্যমন্ত্ৰীৰ ওপজা গাঁৱ মুলুক গাঁৱৰ এইসকল ৰাইজে ঘেৰাও কৰিলে মুখ্যমন্ত্ৰীজনৰ বাসগৃহ..প্ৰতিবাদস্হলীত সৃষ্টি হয় তীব্ৰ উত্তেজনা..মুলুক গাঁৱৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি.. আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰে তীব্ৰ হতাহতি..টায়াৰ জ্বলাই মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখতে দিলে মুখ্যমন্ত্ৰী মুৰ্দাবাদ,,বি জে পি গ বেগ,মুখ্যমন্ত্ৰী মুৰ্দাবাদ আদি বিভিন্ন ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে..আনকি আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰে পৰিস্থিতি..বিপৰীতে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহ ঘেৰাও কৰে স্হানীয় দল সংগঠন তথা চাবুৱাবাসী ৰাইজে.. বিধায়কজনৰ প্ৰতীকী ফাঁচী দি দিয়ে এইসকল ক্ষোভিত জনতাই..বিজেপি বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ..আনহাতে চাবুৱাৰ চাৰিআলিত ৰাজপথতে সকলো ৰাইজে অৱস্থান কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ..মুঠতে স্বস্তঃফুৰ্তভাৱে ওলাই অহা চাবুৱাবাসী ৰাইজৰ সহযোগত একপ্ৰকাৰ অচল হৈ পৰে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা..Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.