মৰাণ, 20 জুন: ৰাজ্যৰ প্ৰশাসনিক বিভাগক পূৰ্বতকৈ অধিক সৱল কৰিবলৈ ক্ৰমাৎ যেন উঠি-পৰি লাগিছে ৰাজ্য চৰকাৰ ৷ সেই উদ্দেশ্যে শনিবাৰে চৰাইদেউ জিলাত উপস্থিত হ'ল অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন ৷ জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পোনে পোনে উপস্থিত হয় জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৷ ইয়াৰ পাচতে চৰাইদেউৰ সোণাৰি, মাহমৰা আৰু সাপেখাতী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ প্ৰায় 10 গৰাকী গাঁওবুঢ়াক উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে নিযুক্তি পত্ৰ প্ৰদান কৰে ৷

চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত বিনীতা পেগুৰ উপস্থিতিত অনুষ্ঠিত এই সভাত গাঁওবুঢ়া কেইগৰাকীক নিযুক্তি পত্ৰও প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত চৰাইদেউ জিলাৰ গাওঁবুঢ়া সন্থাৰ সভাপতি, সম্পাদক সকলৰ লগতে সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজ, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইন্দিকা গগৈ, সাপেখাতী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনামিকা গগৈ উপস্থিত থাকে ৷ উল্লেখ্য যে, আগন্তুক দিনত নৱনিযুক্ত গাঁওবুঢ়া কেইগৰাকীক চৰকাৰী কাম-কাজত সহায় আগবঢ়াবলৈ মন্ত্ৰী যোগেন মহনে আহ্বান জনায় ৷

ইফালে, চৰাইদেউ জিলাৰ দৰে চৰকাৰী গাওঁবুঢ়া অবিহনে চলিছে নগাঁৱৰ এটা অঞ্চল ৷ নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ অধীনষ্ঠ বৃহত্তৰ লহকৰ ঘাট গাঁৱত দীৰ্ঘদিন ধৰি চৰকাৰী গাঁওবুঢ়া নথকাত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছে গাঁওবাসী ৷ সম্প্ৰতি চৰকাৰী গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ কিম্বা এটা চহীৰ বাবে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। বিগত বছৰলৈকে গাঁওখনত ডিম্বেশ্বৰ শইকীয়া নামৰ এজন চৰকাৰী গাঁওবুঢ়া আছিল যদিও এবছৰ পূৰ্বে লহকৰ গাঁৱত সংঘটিত এক অপ্ৰীতিকৰ ঘটনাত জড়িত থকাৰ অভিযোগ আনিছিল চৰকাৰী গাঁওবুঢ়া ডিম্বেশ্বৰ শইকীয়াৰ বিৰুদ্ধে । তেতিয়াৰে পৰা বৃহত্তৰ অঞ্চলটো গাঁওবুঢ়াবিহীনভাৱে চলি আছে ৷
সম্প্ৰতি চৰাইদেউ জিলাৰ দৰেই নগাঁৱৰ এই বৃহত্তৰ অঞ্চলটোৰ স্বাৰ্থত এগৰাকী নতুন গাঁওবুঢ়া নিযুক্তিৰ আহ্বান জনাইছে স্থানীয় লোকে ৷