ETV Bharat / state

বোকা পানী গচকি বন্যাৰ্তৰ কাষত উপস্থিত মন্ত্ৰী বিমল বৰা - টিংখাঙৰ বান পৰিস্থিতি

বানৰ কবলত টিংখাঙৰ বিস্তীৰ্ণ অঞ্চল (Flood in Tingkhong) ৷ ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ দেওবাৰে এআঁঠু পানীত নামি টিংখাঙৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰা আৰু জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

Minister Bimal Borah visited flood affected areas of Tingkhong
বানৰ কবলত টিংখাঙৰ বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jul 3, 2022, 10:51 PM IST

মৰাণ, 3 জুলাই : ফেনে-ফোটোকাৰে বাঢ়িছে বুঢ়ীদিহিং নৈ । বুঢ়ীদিহিং নদীৰ বানৰ কবলত টিংখাঙৰ বিস্তীৰ্ণ অঞ্চল (Flood in Tingkhong) । বাঢ়নী পানীয়ে প্ৰভাৱ পেলাইছে টিংখাঙৰ ন-খাট পঞ্চায়তৰ অন্তৰ্গত চহৰীকটা, 2 নং শলগুৰি আৰু 1 নং শলগুৰিৰ গাঁৱৰ বিস্তৃত অঞ্চল । সম্পূৰ্ণভাৱে পানীৰ তলত জাহ গৈছে কৃষি প্ৰধান অঞ্চলটোৰ ৰবি শস্যৰ পথাৰ । যাৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত ।

কপালৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ ফচল কুমলীয়াতে চিঙি পেলাব লগীয়া হৈছে । বহুতৰ ঘৰ-দুৱাৰত পানী সোমোৱাৰ লগতে যাতায়ত-যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰিছে । টুলুঙা নাৱেৰে এতিয়া বিপদ সংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে বন্যাৰ্তসকলে । ইতিমধ্যে চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা অঞ্চলসমূহত প্ৰয়োজনীয় বান সাহায্য বিতৰণ কৰা হৈছে ।

বোকা পানী গছকি বন্যাৰ্তৰ কাষত উপস্থিত মন্ত্ৰী বিমল বৰা

দেওবাৰে উক্ত বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই । ডিব্ৰুগড় জিলা উপায়ুক্তৰ লগতে অন্যান্য প্ৰশাসনীয় বিষয়াক লগত লৈ মন্ত্ৰীগৰাকীয়ে বানক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত সকলৰ মনৰ বুজ লয় । টিংখাঙৰ বান পৰিস্থিতি বুজ লৈ জিলা উপায়ুক্তগৰাকীয়ে কয়, প্ৰতিজন বানত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব প্ৰশাসনে ৷

লগতে পঢ়ক : ৰাজ্যত অব্যাহত বানৰ বিভীষিকা: ২৪ ঘণ্টাত আঠজনৰ প্ৰাণহানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.