ETV Bharat / state

মোহনবাৰীত শুভাৰম্ভ ক’ভিড টীকাকৰণ অভিযান - আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ মোহনবাৰী পঞ্চায়তত বিনামূলীয়াকৈ ক’ভিড টীকাকৰণৰ অভিযানৰ শুভাৰম্ভ কৰে ৷ এই বিনামূলীয়া ক’ভিড টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ৷

মোহনবাৰীত শুভাৰম্ভ ক’ভিড টীকাকৰণ অভিযান
মোহনবাৰীত শুভাৰম্ভ ক’ভিড টীকাকৰণ অভিযান
author img

By

Published : Jun 21, 2021, 10:44 PM IST

মৰাণ, 21 জুন : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে যোগ দিৱস । সমান্তৰালকৈ অসমতো সপ্তম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত ৰাইজ ওলাই আহি অংশগ্ৰহণ কৰিলে যোগ শিবিৰত ৷ যোগ শব্দটো আহিছে সংস্কৃত শব্দ যুগৰ পৰা যাৰ অৰ্থ হ'ল সংযুক্ত কৰা বা একত্ৰিত কৰা ৷ 'যোগ' সুস্থভাৱে জীয়াই থকাৰ এটি কলা য’ত দেহ, মন, মানুহ আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰা হয় ৷

মোহনবাৰীত শুভাৰম্ভ ক’ভিড টীকাকৰণ অভিযান

২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' পালনৰ বাবে ২১ জুনৰ দিনটো ঘোষণা কৰিছিল ৷ আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ মোহনবাৰী পঞ্চায়তত বিনামূলীয়াকৈ ক’ভিড টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে ৷ এই অভিযানৰ শুভাৰম্ভ কৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই ।

কৃষিমন্ত্ৰী গৰাকীৰ সৈতে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আগন্তুক তিনিটা দিনত ডিব্ৰুগড় আৰু তিনিচুকীয়াত বাহৰ পাতি ক'ভিড পৰিস্থিতি বুজ ল’ব বুলি উল্লেখ কৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী গৰাকী ৷ মন্ত্ৰী অতুল বৰাই উল্লেখ কৰা অনুসৰি ডিব্ৰুগড়ত দৈনিক তিনি লক্ষ লোকক ভেকচিন প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক: ৰাজ্যজুৰি পালন সপ্তম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.