মৰাণ, 1 অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপযোগী হোৱাকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পদ-পথ উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে । এই কাৰ্যসূচীত অংশ ল'বলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ এটা সঁজাতি দলে সাক্ষাৎ কৰি বিশ্ববিদ্যালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সম্পৰ্কে আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৬ টা বিভাগ আৰু ১৭ টাকৈ কেন্দ্ৰ আছে আৰু বিভাগ সমূহৰ তুলনাত এই কেন্দ্ৰ সমূহৰ মাচুল যথেষ্ট বেছি পৰিমাণৰ হয় । ফলত বহুতো দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে আশা কৰিয়ো অৰ্থৰ অভাৱত নিজৰ শিক্ষাগত জীৱন আগুৱাই নিব নোৱাৰে । গতিকে এই বিভাগ সমূহৰ দৰে কেন্দ্ৰ সমূহকো অতিশীঘ্ৰেই বিভাগলৈ উন্নীতকৰণ কৰিব লাগে বুলি তেওঁলোকে দাবী জনায় ।
![Memorandum to CM Himanta Biswa Sharma by Dibrugarh University AASU Unit](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8027to8031-memorandumtocmhimantabiswasharmabydibrugarhuniversityaasuunit-as10031_01102021191228_0110f_1633095748_410.jpg)
উল্লেখযোগ্য যে, ২০০৯ চনতে স্থাপন হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় আভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ DUIET ৰ মাচুল সেইসময়ৰ পৰাই এক বুজন পৰিমাণৰ মাচুল হিচাপে ছাত্ৰ-ছাত্ৰীৰ পৰা গ্ৰহণ কৰা হয় । কিন্তু সেইসময়তে একে আইন অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন কৰা আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ মাচুল ডিব্ৰুগড় বিশ্ববিদ্যালয়তকৈ যথেষ্ট কম ।
গতিকে চৰকাৰক দাবী জনোৱা হয় যে, এই ডিব্ৰুগড় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ DUIET ৰ মাচুল অতিশীঘ্ৰেই হ্ৰাস কৰিব লাগে ৷ যাৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়েও যাতে নিজৰ অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিব পাৰে ।
![Memorandum to CM Himanta Biswa Sharma by Dibrugarh University AASU Unit](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8027to8031-memorandumtocmhimantabiswasharmabydibrugarhuniversityaasuunit-as10031_01102021191228_0110f_1633095748_488.jpg)
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনে বহু অনিয়মীয়া তৃতীয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা বহু এনে সুৰক্ষা কৰ্মী আছে যি সকলে নেকি প্ৰতিদিনে বিশ্ববিদ্যালয়ৰ হকে সেৱা আগবঢ়াই আহিছে কিন্তু তেওঁলোকে কৰ্ম অনুযায়ী মাহিলী বেতন, সা সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আছে । গতিকে চৰকাৰে এই পদবীত নিয়োজিত কৰ্মচাৰী তথা সুৰক্ষা কৰ্মী সকলক নিয়মীয়াকৰণ কৰাৰ লগতে তেওঁলোকৰ বেতন বৃদ্ধি কৰিব লাগে বুলিও তেওঁলোকে দাবী জনায় ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতি বছৰেই বহুতো প্ৰতিভাশালী খেলুৱৈয়ে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তথা শ্ৰেষ্ঠত্ব আজুৰি সুনাম অৰ্জন কৰি আহিছে ৷ কিন্তু অতি পৰিতাপৰ কথা যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি পৰ্যন্ত অত্যধুনিক সা সুবিধা সম্পন্ন এখন খেলপথাৰ নাই । গতিকে চৰকাৰে অতিশীঘ্ৰেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এখন অত্যাধুনিক সা-সুবিধাযুক্ত খেলপথাৰৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাই আছু কৰ্তৃপক্ষই ।
একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থকা স্বাস্থ্যকেন্দ্ৰটোত থাকিব লগীয়া পৰ্যাপ্ত সুবিধা নথকাৰ বাবে এই স্বাস্থ্যকেন্দ্ৰটোক গুৰুত্ব প্ৰদান কৰি উপযুক্ত সা-সৰঞ্জাম প্ৰদানৰ লগত এটা সুন্দৰ স্বাস্থ্যকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আছু গোটে চৰকাৰক দাবী জনায় ।
বিগত বৰ্ষত চৰকাৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ আৱাসী সকলৰ বাবে ৭ হাজাৰ টকা জলপানি প্ৰদান কৰিছিল ৷ কিন্তু বৰ্তমান সময়ত সেই জলপানি প্ৰদান কৰা হোৱা নাই ৷ গতিকে ছাত্ৰাবাস আৰু ছাত্ৰী নিবাস সমূহৰ আৱাসী সকলক অতিশীঘ্ৰেই জলপানি প্ৰদান কৰাৰো দাবী জনায় আছুগোটে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ এই দাবী সম্বলিত স্মাৰকপত্ৰ গ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু চৰকাৰে কিমান তৎপৰতাতে এই সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰে সেই সময়ত হে লক্ষণীয় হ'ব ।
লগতে পঢ়ক : নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ