ETV Bharat / state

আনৰ ওপৰত নিৰ্ভৰশীল হোৱা জাতিয়ে আনৰ ওচৰত মূৰ দোৱাব লাগিব : ড৹ দয়ানন্দ বৰগোঁহাই - জাতি

খোৱাঙৰ বৰপথাৰ দামুৰীখাটিত দেওবাৰে উদযাপন কৰা মে-ডাম-মে-ফীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড৹ দয়ানন্দ বৰগোঁহাইয়ে ৷ অনুষ্ঠানত জাতিটোক লৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ৷

dr dayananda borgohain
ড৹ দয়ানন্দ বৰগোঁহাই
author img

By

Published : Jan 31, 2021, 9:12 PM IST

মৰাণ,31 জানুৱাৰী : মৰাণ সমষ্টি উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত খোৱাঙৰ বৰপথাৰ দামুৰীখাটিত দেওবাৰে উদযাপন কৰা হয় মে-ডাম-মে-ফী ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড৹ দয়ানন্দ বৰগোঁহাইয়ে ৷

মুকলি সভাত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদগৰাকীয়ে কয় যে, "আমি ভাবিব নাজানো । বাহুলৈকে আমাৰ শক্তি, সামৰ্থ সকলো ঠিকেই আছে ৷ কিন্তু মূৰলৈকে আমাৰ এই শক্তি আৰু সামৰ্থ নাই । আমাৰ নিজৰ মাজতেই মিলাপ্ৰীতি নাই" ।

ড৹ দয়ানন্দ বৰগোঁহাই

লগতে তেওঁ ভাষণ প্ৰসংগত কয় যে, "আমি আনৰ দুখবিলাক দেখাতকৈ গুণবিলাক দেখিবলৈ শিকিব লাগে । এটা জাতিয়ে যেতিয়ালৈকে আনৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থাকিব, তেতিয়ালৈকে সেই জাতিয়ে আনৰ ওচৰত মূৰ দোৱাই থাকিব লাগিব" ৷

বিশিষ্ট সমাজকৰ্মী ভূপেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা উপস্থিত থাকি আহোম জনগোষ্ঠীটোৰ ওপৰত কেইবাটাও মন্তব্য প্ৰদান কৰে । ইয়াৰোপৰি সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী ব’ৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈ, জ্যেষ্ঠ বিজেপি নেতা অসীম হাজৰিকা, অদ্যুৎ ফুকন, সমাজকৰ্মী বিজিত সন্দিকৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.