মৰাণ,২6জুলাইঃ ডিব্ৰুগড়ৰ লেজাই, কলাখোৱাত বান আৰু কৰ’ণাৰ বিভীষিকাৰ মাজতে শনিবাৰে কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লেজাইত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতি লেজাই-কলাখোৱা আঞ্চলিকৰ উদ্যোগত আৰু লেজাই কলাখোৱাবাসী ৰাইজৰ সহযোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰে ।
প্ৰতিবাদকাৰী সকলে হাতে হাতে প'ষ্টাৰ আৰু প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত অংশগ্ৰহণ কৰি কৃষক মুক্তিৰ লেজাই-কলাখোৱা আঞ্চলিকৰ উপ-সভাপতি হিতেশ গগৈয়ে কয় যে, অখিল গগৈক ৰাজ্য চৰকাৰখনে আক্ৰোশমূলকভাৱে সম্পূৰ্ণ ফেচীবাদী মনোবৃত্তিৰে কিছুমান ভিত্তিহীন গোচৰত কাৰাৰুদ্ধ কৰি ৰাখিছে । চৰকাৰখনে গণতান্ত্ৰিক আন্দোলনৰ পৰিভাষাক নস্যাৎ কৰাই নহয়, অখিল গগৈৰ সৈতে চৰকাৰে ব্যক্তিগত আক্ৰোশপূৰ্ণ নীতি লৈ অন্যায়, অবিচাৰ কৰিছে ।

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় সদৰ সমিতিৰ সম্পাদক ছামছুল হকে কয় যে হত্যা, হিংসা, বিয়াগোম দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি গুৰুতৰ অভিযোগত অভিযুক্তসকল যি সময়ত মুকলি আকাশৰ তলত বিচৰণ কৰিছে তেনে সময়ত একমাত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা হোৱাৰ বাবেই চৰকাৰৰ আক্ৰোশৰ বাবে অখিল গগৈক গণতান্ত্ৰিক আন্দোলন কৰাৰ অপৰাধত কাৰাৰুদ্ধ কৰি ৰখাটো অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে । বৰবৰুৱা আঞ্চলিকৰ সভাপতি বিজু তামুলীয়ে কয় যে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে বিভিন্ন থানাত গোচৰ ৰুজু কৰি অখিল গগৈক হাৰাশাস্তি কৰি প্ৰকৃততে চৰকাৰখনে দেশৰ গণতান্ত্ৰিক মূল্যবোধক কুঠাৰঘাত কৰিছে । ইয়াক কেতিয়াও সহ্য কৰা নহ'ব বুলি তেওঁ চৰকাৰক সকিয়াই দিয়ে ।
লগতে পঢ়কঃ ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 27 লৈ বৃদ্ধি