ETV Bharat / state

আৰক্ষী থানাৰ নিচেই কাষতে অবৈধ লটাৰীৰ বেহা

author img

By

Published : Oct 5, 2022, 2:24 PM IST

দুৰ্গা পূজাৰ ছেগ বুজি মৰাণত প্ৰশাসনৰ অনুমতি অবিহনে বিক্ৰী লটাৰী টিকট(Lottery tickets sold without permission in Moran) ৷ প্ৰশাসনৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি মৰাণ আৰক্ষী থানাৰ নিচেই কাষতে কাৰ ছত্ৰছায়াত চলিছে এনে অবৈধ টিকট বিক্ৰী কাৰ্য ?

Lottery tickets sold without permission in Moran
আৰক্ষী থানাৰ নিচেই কাষতে অবৈধ লটাৰীৰ বেহা

মৰাণ, 5 অক্টোবৰ: উপায়ুক্তৰ নিৰ্দেশক অমান্য কৰি মৰাণ আৰক্ষী থানাৰ নিচেই কাষতে চলিছে অবৈধ লটাৰীৰ টিকট বিক্ৰী(Lottery tickets sold without permission in Moran)৷ সমগ্ৰ ডিব্ৰুগড় জিলাখনত শান্তিপূৰ্ণভাৱে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে জিলা উপায়ুক্তই দুৰ্গা পূজাৰ সময়ছোৱাত কোনো ধৰণৰ জুৱা আৰু লটাৰী খেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা দিছিল(Dibrugarh DC strict action against lottery tickets sold) ৷ অন্যথা নিৰ্দেশনা অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰিছিল উপায়ুক্ত গৰাকীয়ে ।

কিন্তু জিলা উপায়ুক্তগৰাকীৰ কঠোৰ নিৰ্দেশনা অমান্য কৰি চহৰখনত একাংশই চলাইছিল অবৈধ লটাৰীৰ বেহা ৷ তাৎপৰ্যপূৰ্ণভাবে মৰাণ আৰক্ষী থানাৰ নিচেই কাষতে একাংশই চলাই আহিছে অবৈধ লটাৰীৰ টিকট বিক্ৰী । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মুকলিমুৰীয়াকৈ দোকান খুলি ১০০ টকাকৈ বিক্ৰী কৰিছে অবৈধ লটাৰীৰ টিকট ।

দুৰ্গা পূজাৰ নামত চলা অবৈধ লটাৰীৰ টিকট বিক্ৰী কেন্দ্ৰটোৰ বিৰুদ্ধে স্থানীয় সচেতন ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় সাংবাদিক আৰু আৰক্ষীৰ দল ৷ উল্লেখযোগ্য যে, মৰাণ আৰক্ষী থানাৰ নিচেই কাষতে আৰক্ষীৰ চকুত ধূলি দি বিক্ৰেতাসকলে দুটা দিনে বিক্ৰী কৰিলে অবৈধভাবে লটাৰীৰ টিকট । কোনো ধৰণৰ প্ৰশাসনিক অনুমতি নোলোৱাকৈ এই লটাৰীৰ টিকট বিক্ৰী কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মৰাণ আৰক্ষীয়ে ।

কিন্তু জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশৰ পাছতো আৰক্ষী থানাৰ কাষতে অবৈধ লটাৰীৰ টিকট বিক্ৰী কৰা কাৰ্যই সংশ্লিষ্ট সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ শেষকৃত্য সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.