ETV Bharat / state

BJP joining meeting : গেৰুৱা বসন পিন্ধিলে মটক স্বায়ত্তশাসিত পৰিষদৰ ৭ গৰাকী সদস্যই

author img

By

Published : Apr 7, 2023, 4:33 PM IST

শুকুৰবাৰে গেৰুৱা হ’ল মটক স্বায়ত্তশাসিত পৰিষদ (Leaders of Matak Autonomous Council joined in BJP) ৷ পৰিষদৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্যসহ ৭ জনকৈ সদস্যই ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে যোগ দিলে বিজেপিত (Joining Meeting of BJP) ৷

BJP joining meeting
মটক স্বায়ত্তশাসিত পৰিষদৰ ৭ জনকৈ সদস্যই আনুষ্ঠানিকভাৱে পিন্ধিলে গেৰুৱা বসন
গেৰুৱা হ’ল মটক স্বায়ত্তশাসিত পৰিষদ

ডিব্ৰুগড়, ৭ এপ্ৰিল : মটক জনগোষ্ঠী অসমৰ এটা অতি পুৰণি জনগোষ্ঠী (Matak Autonomous Council)। অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ তথা বৃহত্তৰ অসমীয়া জাতি গঠনত অতুলনীয় অৱদান আগবঢ়োৱা মটক জনগোষ্ঠীয়ে আজিও নিজৰ সাংস্কৃতিক স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হৈছে । এই মটক জনগোষ্ঠীয় ৰাইজৰ সামগ্ৰিক উন্নয়নৰ বাবে গঠন কৰা হৈছিল মটক স্বায়ত্তশাসিত পৰিষদ । কিন্তু আজি গেৰুৱা হ’ল এই মটক স্বায়ত্তশাসিত পৰিষদখন (Leaders of Matak Autonomous Council joined in BJP) ।

পৰিষদৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্যসহ ৭ জনকৈ সদস্যই আনুষ্ঠানিকভাৱে পিন্ধিলে গেৰুৱা বসন । আজি অৰ্থাৎ শুকুৰবাৰে জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ এক যোগদান সমাৰোহ (BJP joining program in Dibrugarh) ৷ এই বিজেপি দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, কাৰ্যবাহী সদস্য অমূল্য সেনাপতি, যতীন দিহিঙীয়া, সাধাৰণ সদস্য দীপজয় শইকীয়া, ধৰ্মানন্দ কোঁৱৰ আৰু প্ৰাণদ্বীপ মহনে (Matak Autonomous Council's Leaders) ।

লগতে পঢ়ক : Akanksha Dubey Suicide Case: গাজিয়াবাদ চিজেএম আদালতত প্ৰেৰণ সমৰ সিঙক, ফাদিল হ’ব বহু ৰহস্য

উক্ত যোগদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ পৰিষদৰ ২২ সদস্যৰ বিপৰীতে ৭ জনকৈ সদস্যই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিচতে একপ্ৰকাৰ গেৰুৱা হৈ পৰিল মটক স্বায়ত্তশাসিত পৰিষদ (BJP joining meeting in Dibrugarh)। ২০২১ চনৰ ১৫ জানুৱাৰীত গঠন হোৱা মটক স্বায়ত্ত পৰিষদে ইতিমধ্যে ২ বছৰত ভৰি দিছে । ইফালে আপৰ সামাজিক মাধ্যমৰ আহ্বায়ক দুলু কৰ্মকাৰেও বিজেপত যোগদান কৰে ।

উল্লেখ্য যে, শুকুৰবাৰে আয়োজিত এই যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক বিনোদ হাজৰিকা, জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰও উপস্থিত থাকে ।

লগতে পঢ়ক : Manish Sisodia letter to PM Modi : কাৰাগাৰৰ পৰাই প্ৰধানমন্ত্ৰীলৈ চিঠি মনীষ চিছোদিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.