ETV Bharat / state

ডিব্ৰুগড়ত জব্দ দেশীয় আৰু বিদেশী সুৰা

author img

By

Published : Mar 17, 2021, 6:57 AM IST

ডিব্ৰুগড়ত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ দেশীয় আৰু বিদেশী সুৰা ৷ জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ৬০-৭০ হাজাৰ টকা হ'ব বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ডিব্ৰুগড়ত জব্দ দেশীয় আৰু বিদেশী সুৰা
ডিব্ৰুগড়ত জব্দ দেশীয় আৰু বিদেশী সুৰা

ডিব্ৰুগড়,17মাৰ্চ : নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত প্ৰতিদিনে জব্দ হ'বলৈ লৈছে ধন আৰু সুৰা ৷ ঠিক তেনে সময়তে মংগলবাৰে ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিকমৰ নাহৰচুক গাঁৱত বৃহৎ পৰিমাণৰ দেশীয় আৰু বিদেশী সুৰা জব্দ কৰা হয় ৷ বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি চলোৱা অভিযানত জব্দ কৰা হয় সুৰাখিনি ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ৬০-৭০ হাজাৰ টকা হ'ব ৷

ডিব্ৰুগড়ত জব্দ দেশীয় আৰু বিদেশী সুৰা

উল্লেখ্য যে, বিশেষ সূত্ৰই জনোৱা খবৰ অনুসৰি লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালা আৰু ডিকম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বুবুল সোণোৱালৰ নেতৃত্বত নাহৰচুক গাঁৱত চলিছিল অভিযান ৷ এই অভিযানতেই বৃহৎ পৰিমাণৰ সুৰাখিনি জব্দ কৰা হয় ৷

ইফালে স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ কোনো ৰাজনৈতিক নেতাই মজুত কৰি ৰাখিছিল উক্ত দেশীয় আৰু বিদেশী সুৰাখিনি ৷ অঞ্চলটোত সুৰাখিনি জব্দ হোৱাৰ পাচতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

অন্য এক খবৰৰ বাবে: কা বিৰোধিতা কৰা আঞ্চলিক দলক সমৰ্থন কৰিব আছুৱে: দীপাংক কুমাৰ নাথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.