মৰাণ,২৪ ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত দুখনকৈ গাঁৱৰ ৰাইজক প্ৰদান কৰা হয় ভূমি পট্টা । জিলাখনৰ নামদাঙ সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ভোগালী পথাৰ আৰু পানধোৱা বনগাঁওবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মংঙ্গলবাৰে দুয়োখন গাঁৱৰ ৰাইজক প্ৰদান কৰা হয় ভূমি পট্টা । পানধোৱা গাঁওত অনুষ্ঠিত এক কাৰ্যসূচীত টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা, উপায়ুক্ত পল্লৱ গোপাল ঝা, ডিব্ৰুগড় সদৰ মহকুমাধিপতি মছন্দা পৰতীনৰ উপস্থিতিত প্ৰদান কৰা হয় ভূমি পট্টা ।

উল্লেখ্য যে, গাঁওবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰীযুত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত এক জিলা পৰ্যায়ৰ সভাত বন অধিকাৰ আইনৰ নিয়মাৱলী অনুসৰি তেওঁলোকক ভূমি স্বত্ব প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল ৷ ভূমি পট্টা প্ৰদান কাৰ্যসূচীত গাঁৱবাসীৰ লগতে প্ৰশাসনৰ কেইবাগৰাকী বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
লগতে পঢ়ক:ধেমাজিত উদ্ধাৰ অৰুণাচলৰ চুৰি গাড়ী