মৰাণ, 23 অক্টোবৰ : 30 অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ আগন্তুক উপ নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে থাওৰা সমষ্টি ৷ সমষ্টিটোক নিজৰ দখললৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে শাসক-বিৰোধীৰ লগতে ৰাইজৰ দলৰ দৰে আঞ্চলিক দলে ৷ ফলত সমষ্টিলৈ প্ৰতিদিনেই সোঁত বৈছে দলসমূহৰ বিয়াগোম নেতাসকলৰ ৷

প্ৰাৰ্থীসমূহে ৰাজনৈতিক সমীকৰণ, বোকা ছটিওৱা ৰাজনীতিৰে থাওৰাৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি ৰখাৰ মাজতে পৃথক ৰূপত দেখা গ’ল এগৰাকী প্ৰাৰ্থীক ৷ সমষ্টিটোৰ পৰা চিপিআই দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা অধিবক্তা কৃষ্ণ গগৈক ভিন্ন ৰূপত প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গ’ল ৷

বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ সলনি পথাৰত ধান দাই, দাৱনীৰ মাজত দেখা গ’ল প্ৰাৰ্থীগৰাকীক ৷ স্থানীয় বজাৰ, পথাৰৰ লগতে মিচিং জনগোষ্ঠীয় অঞ্চলসমূহত গৈ প্ৰচাৰ চলাই কৃষ্ণ গগৈয়ে ৷

এনে ব্যতিক্ৰমী পদক্ষেপেৰে ৰাইজৰ কাষ চপা কৃষ্ণ গগৈৰ ওপৰত থাওৰাৰ ৰাইজে আস্থা প্ৰদৰ্শন কৰাৰ কথা নুই কৰিব নোৱাৰি ৷ কিন্তু শাসক দলৰ আঁচনিৰ সুবিধা আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিৰ পাছত সমষ্টিটোৰ পৰা ভোটাৰ ৰাইজৰ কৃষ্ণ গগৈয়ে কিমান ভোট লাভ কৰিব সেয়া সময়ত গম পোৱা যাব ৷

উল্লেখ্য যে, সুদীৰ্ঘ 10 টা বছৰে কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ হৈ সকলো আইনী যুঁজ কৰি আহিছিল এইগৰাকী কৃষ্ণ গগৈয়ে ৷ আনকি কা আন্দোলনৰ বাবে দীৰ্ঘদিন কাৰাবাস খাটি থকাৰ সময়তো অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰৰো অধিবক্তা আছিল এইগৰাকী কৃষ্ণ গগৈ ৷

কিন্তু থাওৰাত এইবাৰ উপ নিৰ্বাচনত ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰৰ বিপৰীতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে কৃষ্ণ গগৈ ৷ অৱশ্যে সকলো প্ৰচেষ্টাৰ অন্তত কোনো সমষ্টিটোত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব সেয়া 2 নৱেম্বৰতহে গম পোৱা যাব ৷

লগতে পঢ়ক : মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী