ETV Bharat / state

ধন দাবী কৰি আৰক্ষীৰ জালত স্বয়ম্ভূ সাংবাদিক

author img

By

Published : May 10, 2021, 3:53 PM IST

চৰাইদেউত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৱেব প'ৰ্টেলৰ স্বয়ম্ভূ সাংবাদিকক । দাবী কৰা ধন নিবলৈ আহোঁতেই নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খোৱাঙৰ কৌশিক দে’ নামৰ স্বয়ম্ভূ সাংবাদিকগৰাকীক । শনিবাৰে ম'হ খুঁটি চাহ বাগিচাত ৮০০০ টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে কৌশিকৰ বিৰুদ্ধে ।

Journalist arrested in Charaidew
ধন দাবী কৰি আৰক্ষীৰ জালত স্বয়ম্ভূ সাংবাদিক

মৰাণ, ১০ মে': ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল ডিব্ৰুগড়ৰ খোৱাঙৰ এজন স্বয়ম্ভূ সাংবাদিকক । আৰক্ষীয়ে জনোৱা মতে, খোৱাঙৰ কৌশিক দে নামৰ যুৱকজনে শনিবাৰে ম'হ খুঁটি চাহ বাগিচাত ৮০০০ টকা দাবী কৰিছিল । সোমবাৰে বাইকেৰে দাবী কৰা ধন নিবলৈ আহিছিল । ধন নিবলৈ আহোঁতেই নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৌশিকক ।

তেওঁ নিজকে এটা ৱেব প'ৰ্টেলৰ খোৱাঙৰ সাংবাদিক বুলি পৰিচয় দিছিল । লগতে কৌশিকৰ লগত ধন নিবলৈ যোৱা খোৱাং পথালিবামৰ অনুজ মাজি নামৰ আন এজন যুৱককো আৰক্ষীয়ে আটক কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । এতিয়া এনে ধৰণৰ ভুৱা সাংবাদিকে কলুষিত কৰিছে সাংবাদিকতাৰ নিকা ভাৱমূৰ্তি ।

লগতে পঢ়ক:শোণিতপুৰৰ চিৰাজুলি চেন্ট্ৰেল বেংকত ডকাইতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.