ETV Bharat / state

চাচনীৰ খেতি পথাৰত শুড় পোকৰ তাণ্ডৱ - শুড় পোকৰ তাণ্ডৱ নাহৰকটীয়াৰ চাচনী পথাৰত

বান আৰু খেতি পথাৰত শুড় পোকৰ তাণ্ডৱত দিশহাৰা হৈ পৰিছে নাহৰকটীয়াৰ কৃষক সকল ৷ দুৰ্যোগে বিধস্ত কৰাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৃষি বিভাগৰ বিৰুদ্ধে ৷

শুড় পোকৰ তাণ্ডবত দিশহাৰে কৃষক
author img

By

Published : Oct 2, 2019, 1:56 PM IST

নাহৰকটীয়া , 2 অক্টোবৰঃ প্ৰথমে বান আৰু তাৰ পাছতেই শুড় পোকৰ তাণ্ডৱ নাহৰকটীয়াৰ চাচনী পথাৰত ৷ এফালৰ পৰা শুড় পোকে নিঃশেষ কৰিছে কৃষকৰ বিঘাই বিঘাই ধান খেতি ৷ মূলতঃ কৃষি প্ৰধান অঞ্চলটোত একেৰাহে দুটা দুৰ্যোগে বিধস্ত কৰি নিয়াৰ পিছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষক সকলৰ মাজত ৷ কৃষক সকলৰ অভিযোগ, মাত্ৰ দুটামান কীটনাশক বটল দিয়েই নিজৰ দায়িত্ব সামৰিছে নাহৰকটীয়া মহকুমা কৃষি বিভাগে ৷ শ শ কৃষিভূমি শুড় পোকৰ কৱলত পৰাৰ পিছতো কোনো কাণসাৰ নাই মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ ৷

লগতে পঢ়ক, পুনৰ প্ৰাণ পায় উঠিছে কাগজৰ মোনা বনোৱা থলুৱা উদ্যোগ 'ডি কে পেপাৰছ'

Intro:চাচনীৰ খেতি পথাৰত শুড় পোকৰ তাণ্ডবঃ
ঘোৰ আকালৰ সংকাত বিনিদ্ৰ ৰজনী কটাইছে চাচনীৰ কৃষকেঃ

নাহৰকটীয়াৰ চাচনী পথাৰত শুড় পোকৰ তাণ্ডৱ। বান! খৰাংৰ পিছত এইবাৰ নাহৰকটীয়া চাচনী পথাৰত শুড় পোকৰ সংহাৰ! এফালৰ পৰা শুড় পোকে শেষ কৰিছে কৃষকৰ বিঘাই বিঘাই ধান খেতি! লহ পহকৈ বাহি অহা ধাননি দৰাত কিল বিলাই থকা শুড় পোক দেখি এতিয়া মোৰে কপালে হাত দিছে খাটি খোৱা কৃষকে ।। ইয়াৰ পিছতো মাত্ৰ দুটামান কীটনাশক বটল দিয়ে নিজৰ দায়িত্ব সামৰলি নাহৰকটীয়া মহকুমা কৃষি বিভাগে।যাৰ পৰিনতিত এতিয়া চাচনীৰ পথাৰে পথাৰে কৃষকৰ হুমুনিয়া! Body: উল্লেখ্য যে, ৭৬ খন ৰাজহ গাওঁৰে গঠিত হৈ সৃষ্টি হৈছে বৃহৎৰ চাচনী। বিশেষকৈ কৃষিপ্ৰধান বুলি জনাজাত এই চাচনী ভকত গাওঁৰ পথাৰতেই এতিয়া কৃষকৰ হাহাকাৰ অৱস্থা । শ শ কৃষিভূমি শুড় পোকৰ কবলত পৰাৰ পিছতো যেন কাণসাৰ নাই মন্ত্ৰী অতুল বড়াৰ কৃষি বিভাগৰ, কণা হাঁহক পতান দিয়াৰ দৰেই কৃষক সকলক মাত্ৰ দুটামান কীটনাশক বটল দিয়ে দায়িত্ব সামৰলি বিভাগটোৱে ।এতিয়া উপায় বিহীন হৈ চৰকাৰক হাতজোৰ কৰি কৃষক সকলৰ আহ্বান, কিবা এটা কৰক আমাকো এবাৰ চাওঁক ৷
Conclusion: কৃষকে বছৰ দিন ধৰি মুৰৰ ঘাম মাটিত পেলাই খেতি কৰা সোণগুটি কেইটাও এতিয়া শুড় পোকে শেষ কৰিছে। যাৰ বাবে চকুপানী টুকাৰ লগতে ঘোৰ আকাল হোৱাৰ সংকাত এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে চাচনীৰ এই সকল কৃষকে। প্ৰশ্ন হয়! পথাৰৰ এই দুঃখজনক দৃশ্য দেখাৰ পিছত কৃষি বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? নে সকলো দেখি শুনিও চকু মুদাৰ কুলিৰ ভাওত থাকিব মন্ত্ৰী অতুল বড়াৰ বিয়াগোম কৃষি বিভাগটোৱে?

Byte - কৃষক ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.