ETV Bharat / state

ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ বিশেষ সন্মান

author img

By

Published : Feb 3, 2021, 12:09 PM IST

সুচাৰুৰূপে কৰ্তব্য পালন হোৱা বাবে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে এক বিশেষ সন্মান । তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অধীনত কাম কৰাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ বাবে ৰাজ্যৰ তিনিটা কাৰ্যালয়ক পুৰষ্কৃত কৰিব ৰাজ্য চৰকাৰে । এই তালিকাৰ শীৰ্ষস্থানত আছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ নাম ।

তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষণা মিথি কছাৰীক সম্বৰ্ধনা জিলা উপায়ুক্তৰ

মৰাণ, ৩ ফেব্ৰুৱাৰী: বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে দক্ষতাৰে দায়িত্ব পালন কৰাৰ বাবে ৰাজ্যৰ ভিতৰতে জিলিকি উঠিছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় । ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অধীনত ৰাজ্যখনত থকা বিভাগীয় কাৰ্যালয়সমূহৰ ভিতৰত তিনিটা কাৰ্যালয়ক পুৰষ্কৃত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । সুচাৰুৰূপে কৰ্তব্য পালনৰ কৰা এই তিনিটা কাৰ্যালয়ৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে ।

অহা ৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত এই কাৰ্যালয়সমূহক পুৰষ্কৃত কৰিব ৰাজ্য চৰকাৰে ৷ ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ এই সফলতাৰ বাবে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষণা মিথি কছাৰীক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় ৷ আনহাতে, এই সাফল্যক লৈ আনন্দিত হৈ পৰিছে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল । লগতে দুগুণ উৎসাহেৰে কাম কৰি যোৱাৰ প্ৰেৰণা লাভ কৰিছে ।

লগতে পঢ়ক:নগাঁৱৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.