ETV Bharat / state

Infant body recovered: ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jan 24, 2023, 10:45 PM IST

ডিব্ৰুগড়ত পুনৰ নৱজাতকৰ মৃতদেহ উদ্ধাৰ ৷ তিনিকোণীয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ (Infant body recovered in Dibrugarh) ৷ কেইদিনমান পূৰ্বে ডিব্ৰুগড় শ্মশানপাৰা পি ডব্লিউ ডি কলনীত উদ্ধাৰ হৈছিল এটি নৱজাতকৰ মূৰ ।

Infant body recovered
নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়, 24 জানুৱাৰী: ডিব্ৰুগড়ৰ তিনিকোণীয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰত মঙলবাৰে নৱজাতকৰ মৃতদেহ উদ্ধাৰ (Infant body recovered in Dibrugarh)। পানী যুঁৱলিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় নৱজাতকটিৰ মৃতদেহ । স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰে (Newborn body rescued)। মৃত শিশুটি নৈত উটি অহা বুলি সন্দেহ কৰিছে স্থানীয় লোকে । উদ্ধাৰ হোৱা মৃতদেহটো এটা ল’ৰা নৱজাতক বুলি জানিব পৰা গৈছে ৷

নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত উদ্ধাৰ হৈছিল এটা নৱজাতকৰ মূৰ (Newborn head rescued in Dibrugarh)। ডিব্ৰুগড় শ্মশানপাৰা পি ডব্লিউ ডি কলনীত উদ্ধাৰ হৈছিল এটি নৱজাতকৰ মূৰ । বস্তাত ভৰাই ৰখা অৱস্থাত এটা কুকুৰে লৈ আনিছিল মূৰটো । সম্ভৱতঃ কুকুৰে নৱজাতকৰ সকলো অংগ ভক্ষণ কৰাৰ পাচত মূৰটো লৈ ফুৰাত ৰাইজে প্ৰত্যক্ষ কৰিছিল ।

কোনো পাষাণ চৰিত্ৰৰ লোকে নিজৰ কু-কৰ্ম ঢাকিবলৈ এনে ঘটনা সংঘটিত কৰিলে, নে কোনো হৃদয়হীন লোকে বস্তাত ভৰাই কুকুৰ-শিয়ালে ভক্ষণ কৰাৰ বাবে এনেদৰে নৱজাতকটিক এৰি গ'ল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি থকা মাজতেই মঙলবাৰে পুনৰ ডিব্ৰুগড়ৰ তিনিকোণীয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই আচৰিত কৰি তুলিছে ডিব্ৰুগড়ৰ ৰাইজক ।

লগতে পঢ়ক: War against drugs: নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.