ETV Bharat / state

Three Assamese awarded Padma Shri: বিশিষ্ট বয়ন শিল্পী মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান - সমাজকৰ্মী ৰামকুইৱাংবে জেনি

ৰাজ্যজুৰি সুখৰ বন্যা ৷ তাঁ‌তশালত চাৰিখনকৈ ধৰ্ম গ্ৰন্থ বৈ উলিওৱা মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান (Hemprabha Chutia of Maran awarded Padma Shri award)৷

Padma Shri 2023 to Assamese
মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান
author img

By

Published : Jan 26, 2023, 8:39 AM IST

মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ পদ্মশ্ৰী সন্মান

মৰাণ, 26 জানুৱাৰী : ৰাজ্যবাসীৰ বাবে এটি সুখবৰ ৷ গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দেশৰ গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে 2023 বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম (Padma Awards 2023) ৷ বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে 2023 বৰ্ষৰ বাবে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী প্ৰাপকৰ নাম (Padma Shri 2023) ৷ দেশৰ 6 গৰাকী ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিলৈ পদ্ম বিভূষণ, 9 গৰাকীলৈ পদ্মভূষণ আৰু সৰ্বমুঠ 91 গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ৷ 91 গৰাকীৰ ভিতৰত অসমৰ তিনিগৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান (Padma Shri 2023 to Assamese) ৷

ৰাজ্যৰ তিনিজন বৰেণ্য ব্যক্তিক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ২০২৩ বৰ্ষৰ পদ্মশ্ৰী সন্মান । ৰাজ্যৰ পদ্মশ্ৰী সন্মান প্ৰাপককেইগৰাকী হৈছে ক্ৰমে শিপিনী হেমপ্ৰভা চুতীয়া(Weaver Hemprabha Chutia), মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী(Mask Artist Hem Chandra Goswami) আৰু সমাজকৰ্মী ৰামকুইৱাংবে জেনি (Social worker Ramkuiwangbe Jene) ৷ পদ্মশ্ৰী বঁ‌টা ঘোষণাৰ পিছতেই আনন্দিত হৈ পৰিছে মৰাণৰ হেমপ্ৰভা চুতীয়া ৷ "এই সন্মান অসমৰ সন্মান, এই সন্মান অসমৰ শিপিনীৰ সন্মান'' বুলি তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে পদ্মশ্ৰী প্ৰাপকগৰাকীয়ে (Three Assamese awarded Padma Shri)৷

হস্ত তাঁ‌তশালত চাৰিখনকৈ ধৰ্ম গ্ৰন্থ বৈ উলিয়াই পদ্মশ্ৰী বঁ‌টা লাভেৰে মৰাণৰ হেমপ্ৰভা চুতীয়াই সুনাম কঢ়িয়াই আনিছে । কেন্দ্ৰীয় চৰকাৰৰ পৰা সন্মানীয় বটাঁ লাভ কৰাৰ খবৰ পোৱাৰ পাছতে আনন্দিত হৈ পৰিছে হেমপ্ৰভা চুতীয়া । মৰাণ ফটিকাছোৱা অভয়পুৰ গাঁ‌ৱৰ হেমপ্ৰভা চুতীয়াৰ ঘৰত বৈছে এতিয়া আনন্দৰ বন্যা । শুভাকাংশীৰ সোঁ‌ত বৈছে চুতীয়াৰ ঘৰলৈ ।

বিভিন্ন ধৰণে বিভিন্নজনে পদ্মশ্ৰী সন্মান প্ৰাপকগৰাকীলৈ যাচিছে মৰম আৰু সন্মান । হেম প্ৰভা চুতীয়াই ২০১৩ চনৰ পৰাই আৰম্ভ কৰিছিল এই যাত্ৰা । তেওঁ প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁ‌তশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ আৰু ১৭ ইঞ্চি প্ৰস্থৰ 'গুণমালা' প্ৰস্তুত কৰি চমক সৃষ্টি কৰিছিল । ইয়াৰ পাচতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘৰ 'শ্ৰীমদ্ভাগৱত গীতা' সংস্কৃতত আৰু শেহতীয়াকৈ ২৮০ ফুট দৈৰ্ঘৰ 'শ্ৰীমদ্ভাৱত গীতা' ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিতি লাভ কৰিছিল ।

হেমপ্ৰভা চুতীয়াৰ এই সৃষ্টিৰাজিৰ প্ৰতি স্বীকৃতি আগবঢ়ায় 2022 বৰ্ষত অসম চৰকাৰে অসম গৌৰৱ বঁ‌টা প্ৰদান কৰে ৷ ইয়াৰোপৰি অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়ছোৱাত তেওঁলৈ বিভিন্ন বঁ‌টা তথা সন্মানো আগবঢ়াইছে । আৰ্থিক অনাটনৰ নেওচি নিজৰ সৃষ্টিক সফল ৰূপ দিবলৈ সক্ষম হোৱা হেমপ্ৰভা চুতীয়াই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই সন্মান লাভ কৰাৰ পাচতে পূৰ্বতকৈ অধিক উৎসাহিত হৈ পৰে ।

হেমপ্ৰভা চুতীয়াই সাংবাদিকৰ আগত তেওঁলৈ আগবঢ়োৱা এই সন্মান অসমৰ লগতে প্ৰতিগৰাকী শিপিনীলৈ আগবঢ়োৱা সন্মান বুলি উল্লেখ কৰে । অনাগত দিনতো তেওঁ নিজৰ সৃষ্টিশীল কৰ্ম অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

বঁটা ঘোষণাৰ নিশাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে হেমপ্ৰভা চুতীয়াৰ গৃহত উপস্থিত হৈ চুতীয়ালৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে (Moran MLA Chakradhar Gogoi)।

লগতে পঢ়ক : Republic Day in Assam : ৰাজ্যপালৰ পৰিৱৰ্তে মুখ্যমন্ত্রীয়ে উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.