ডিব্ৰুগড়,17 জুন: সান্ধ্য আইন আৰু লক-ডাউনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈছে চোৰৰ চক্ৰ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰৰ পুৱতি নিশা ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত বিলাসী গাড়ীত ছাগলী চুৰি কৰি নি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিল ৰাজীৱ কলিতা আৰু গুদ্দু কৰ্মকাৰ নামৰ দুই ছাগলী চোৰ ৷ আৰক্ষীয়ে বিলাসী গাড়ী খনৰ পৰা উদ্ধাৰ কৰে 8 টাকৈ ছাগলী ৷ বৰ্তমান দুই চোৰক ডিব্ৰুগড় সদৰ থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে,ডিব্ৰুগড় চহৰৰ বজাৰৰ মাজৰ এইছ এছ ৰোডেৰে গৈ থকাৰ সময়তে ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া সহ এটা আৰক্ষীৰ দলে আটক কৰে চোৰ দুটাক ৷ অতি নিৰ্মম ভাৱে আঠটাকৈ ছাগলীক মুখত সোপা দি সৰু গাড়ীখনৰ ভিতৰত ভৰাই নিছিল চোৰ দুটাই ৷ আৰক্ষীয়ে চোৰৰ বাহনখন ধৰিবলৈ যাঁওতে বাহন সহ পলায়নৰো চেষ্টা কৰিছিল চোৰ কেইটাই ৷ উক্ত সময়ত এজন আৰক্ষীৰ লোকো আঘাতপ্ৰাপ্ত হয় ৷ মন কৰিবলগীয়া যে, উজনিত বিলাসী বাহনত ব্যাপক হাৰত গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ লগতে ছাগলী চুৰিতো এইদৰে বিলাসী বাহন ব্যৱহাৰ হৈ থকাৰ কথা এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে ৷