ETV Bharat / state

Sonowal Kachari Youth and Cultural Festival: ২৩ মাৰ্চৰ পৰা সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ

author img

By

Published : Mar 21, 2023, 2:18 PM IST

২৩, ২৪, ২৫ আৰু ২৬ মাৰ্চত ডিব্ৰুগড়ৰ দুলীয়া-দাইনীজান হালালী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব 'সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-২০২৩' (Sonowal Kachari Youth and Cultural Festival-2023) ৷ মহোৎসৱৰ ২৫ মাৰ্চৰ কাৰ্যসূচীত কেন্দ্ৰীয় জাহাজ, বন্দৰ, জল পৰিবহণ দপ্তৰ আৰু আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ২৬ মাৰ্চৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব ৷

Sonwal Kachari Youth and Cultural Festival-2023
২৩ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-২০২৩

ডিব্ৰুগড়, 21 মাৰ্চ: অহা ২৩, ২৪, ২৫ আৰু ২৬ মাৰ্চত ডিব্ৰুগড়ৰ দুলীয়া-দাইনীজান হালালী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-২০২৩ । বৰ্ণাধ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই মহোৎসৱ ৷ যোৱা 20 মাৰ্চ, সোমবাৰে ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে (Press Meet Of SKAC) ৷

সংবাদমেলত সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ উপাদান, গীত-মাত, নৃত্য আদিবোৰৰ চৰ্চা সকলোৰে মাজলৈ ত্বৰান্বিত কৰি নিয়াৰ লক্ষ্যৰে আৰু নতুন প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা আগবঢ়াই নিয়াৰ বাট উলিয়াই দিবৰ বাবে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে "সোনোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-২০২৩" আয়োজনৰ কথা সংবাদমেলত প্ৰকাশ কৰে। মহোৎসৱত সোণোৱাল কছাৰী সংস্কৃতিৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শন দুয়োটাই অনুষ্ঠিত হ'ব ( Sonowal Kachari Youth and Cultural Festival-2023) ৷

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুঠ 26 টা সমষ্টিত আয়োজন কৰা প্ৰাথমিক প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলে মহোৎসৱত নিৰ্দিষ্ট শাখাত অংশগ্ৰহণ কৰিব পাৰিব । সাংস্কৃতিক প্ৰতিযোগিতাৰ উপৰিও এই মহোৎসৱত ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হোৱাৰ কথা সংবাদমেলত উল্লেখ কৰে। মূলত ক্ৰীড়া প্ৰতিভা সমূহক সুযোগ প্ৰদান কৰা আৰু ক্ৰীড়া প্ৰতিভাক চিনাক্তকৰণ কৰাৰ উদেশ্যৰেই অনুষ্ঠিত হ'ব এই ক্ৰীড়া প্ৰতিযোগিতা (Sonowal Kachari Autonmous Council)।

মহোৎসৱত কেৰিয়াৰ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথাও উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে ৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু সফলতাৰ বাট' - এই বিষয়ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব কৰিব ২০২০ চনৰ ভাৰতীয় প্ৰশাসনীয় পৰীক্ষাত ২৬ সংখ্যক স্থান লাভ কৰা আই এ.এছ বিষয়া পুলকিত সিঙে ৷ দ্বিতীয়খন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব সংস্কৃতি বিষয়ক ৷ লগতে মহোৎসৱতএখনি বক্তৃতানুষ্ঠানো অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে । এই মহোৎসৱতে সোণোৱাল কছাৰী সমাজৰ দুগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ'ব সন্মানীয় 'গগন চন্দ্ৰ সোণোৱাল সোঁৱৰণী বঁটা'।

উল্লেখযোগ্য যে, মহোৎসৱৰ ২৫ মাৰ্চৰ কাৰ্যসূচীত কেন্দ্ৰীয় জাহাজ, বন্দৰ, জল পৰিবহন দপ্তৰ আৰু আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ২৬ মাৰ্চৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে (Sarbananda Sonowal Minister of AYUSH)।

মহোৎসৱত অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য মেলা, হস্ততাঁত, হস্তশিল্প সামগ্ৰীৰ মেলা আৰু জনগোষ্ঠীয় সংস্কৃতিও প্ৰদৰ্শিত হ'ব ৷ অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী নীল আকাশ আৰু মুম্বাইৰ প্ৰতিষ্ঠিত শিল্পী মহম্মদ ইফানে অনুষ্ঠান পৰিৱেশন কৰিব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক: Demanding Tirap Autonomous Council : টিৰাপ স্বায়ত্তশাসিত পৰিষদ শীঘ্ৰে গঠনৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.