ETV Bharat / state

পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন - ETV BHARAT

আজি টিংখাঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টিংখাং পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা কৰে । ৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মান হ'ব এই শিক্ষা প্ৰতিষ্ঠানটো ।

SARBANANDA SONOWAL
author img

By

Published : Mar 3, 2019, 9:56 PM IST

টিংখাঙ, ৩ মাৰ্চ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি টিংখাঙত স্থাপন হ'বলগীয়া এখন পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা কৰে । ৫০ কোটিটকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'ব টিংখাঙৰ ১ নং বেতনি গাঁৱৰ এই পলিটেকনিক খন । ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় যে, কাৰিকৰী দিশত ছাত্ৰ-ছাত্ৰী সকলক পাকৈত কৰি তুলিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰত্যেকটো সময়তে প্ৰাধান্য দিব । অসম প্ৰশাসনিক সেৱাৰ সংস্কাৰৰ জৰিয়তেও প্ৰায় ৫৫ হাজাৰ নিৱনুৱা যুৱক - যুৱতীক বিভিন্ন বিভাগত স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে ।

SARBANANDA SONOWAL

উল্লেখযোগ্য যে, এই আধাৰশিলা স্থাপন অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ ৰামেশ্বৰ তেলী, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব মনিন্দ্ৰ সিং, ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, টিংখাঙৰ বিধায়ক বিমল বড়াও উপস্থিত থাকে । আনহাতে উক্ত সভাতে মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰণ আঁচনিৰ ছিগনেচাৰ প্ৰকল্পৰ অধীনত ১০ কোটি টকা ব্যয়েৰে ৰাজগড় বহুমুখী বজাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ১৯১ কোটি টকা ব্যয়েৰে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সবলীকৰণ আঁচনিৰো শুভাৰম্ভ কৰে ।

A_dib_3mrch_801to803_ politechnique_jesim

Visual and byte

V.O- আজি টিংখাঙত  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৫০ কোটিটকীয়া ব্যয়সাপেক্ষে নিৰ্মাণ হবলগীয়া পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি কাৰিকৰী দিশত ছাত্ৰ-ছাত্ৰী সকলক সামৰি লৈ সকলো ক্ষেত্রতে পাকৈত কৰি তুলিব লাগিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে।লগতে মানৱ সম্পদ সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্র অসমতে কাৰিকৰী শিক্ষাৰ ওপৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰাধান্য দিছে বুলি জনোৱাৰ লগতে APSC সংস্কাৰ কৰাৰ কথা উল্লেখ কৰি প্ৰায় ৫৫  হাজাৰ নিৱনুৱা যুৱক- যুৱতীক বিভিন্ন বিভাগত স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে।
       উল্লেখযোগ্য যে টিংখাঙৰ ১ নং বেতনি গাঁৱত স্থাপন হ'ব লগা  টিংখাং পলিটেকনিকৰ আধাৰশিলা স্থাপন 
অনুষ্ঠানত শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ ৰামেশ্বৰ তেলী , লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা , টিংখাঙৰ বিধায়ক বিমল বড়া ,  উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব মনিন্দ্ৰ সিং , ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকে।
 আনহাতে উক্ত সভাতে মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰণ আচনিৰ ছিগনেচাৰ প্ৰকল্পৰ অধীনত ১০ কোটি টকা ব্যয়েৰে ৰাজগড় বহুমুখী বজাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ১৯১ কোটি টকা ব্যয়েৰে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সবলিকৰণ আচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Byte- শিক্ষামন্ত্ৰী ।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.