ETV Bharat / state

Flood In Dibrugarh: ডিব্ৰুগড়ৰ চহৰীকটা কৈৱৰ্ত্ত গাঁৱত বানৰ সংহাৰী ৰূপ, বন্যাৰ্তৰ হাহাকাৰ - বানৰ তাণ্ডৱ

ডিব্ৰুগড়ৰ চহৰীকটাৰ কেইবাখনো গাঁৱত বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত চহৰীকটা কৈৱৰ্ত্ত গাঁৱত ইতিমধ্যে বাট-পথৰ লগতে বহু পৰিয়ালৰ বাসগৃহ বানপানীয়ে বুৰাই পেলাইছে ৷

Flood in Dibrugarh District
ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ
author img

By

Published : Jul 14, 2023, 12:14 PM IST

চহৰীকটা কৈৱৰ্ত্ত গাঁৱত বানৰ সংহাৰী ৰূপ

ডিব্ৰুগড়, 14 জুলাই: ৰাজ্যত অব্যাহত বানৰ তাণ্ডৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানে লৈছে সংহাৰী ৰূপ ৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বিভিন্ন নৈ-উপনৈ ৷ নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কবলত পৰা অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ বিশুদ্ধ খোৱাপানীকে ধৰি খাদ্য, পশু খাদ্য আৰু বাসস্থানৰ সমস্যাত জুৰুলা হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ৷

নেৰানেপেৰা বৰষুণৰ ফলত আন আন নদীৰ দৰে ফেনে-ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিং ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ চহৰীকটাৰ কেইবাখনো গাঁৱত বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত চহৰীকটা কৈৱৰ্ত্ত গাঁৱত ইতিমধ্যে বাট-পথৰ লগতে বহু পৰিয়ালৰ বাসগৃহ বানপানীয়ে বুৰাই পেলাইছে ৷ প্ৰায় 92 টা পৰিয়াল বসবাস কৰা গাঁওখনত বানত বুৰ গৈছে বিস্তৰ কৃষিভূমি ৷ মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বহু পৰিয়ালে ৷

বাসগৃহ পানীত বুৰ যোৱাত এটা পৰিয়ালৰ পৰম্পৰাগত তোলনী বিয়া এতিয়া মথাউৰিতে আয়োজন চলিছে ৷ দুলীয়াজান আৰু টিংখাং সমষ্টিৰ সীমামূৰীয়া এই অঞ্চলটো প্ৰতিবাৰেই বানৰ কবলত পৰি আহিছে যদিও দুইটা সমষ্টিৰ বিধায়ক কেইজনে কোনোদিনেই বানাক্ৰান্তৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে ৷ একেদৰে চৰকাৰ-প্ৰশাসনৰ পৰাও কোনো সহায়-সাহাৰ্য লাভ কৰা নাই বুলি জানিবলৈ দিছে বানাক্ৰান্ত ৰাইজে ৷

অঞ্চলটোৰ ৰাইজে শালিধানৰ খেতি কৰিছিল যদিও সকলো কৃষি ভূমি এতিয়া বাঢ়নী পানীৰ তলত ৷ পোহনীয়া জীৱ-জন্তুৰ কাৰণেও খাদ্যৰ অভাৱ ঘটিছে অঞ্চলটোত ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বানপানীৰ বাবে চৰকাৰ, প্ৰশাসন সাজু আছে বুলি কৈছে যদিও এই সকল বানাক্ৰান্ত ৰাইজে এতিয়াও লাভ কৰা নাই কোনো ধৰণৰ সাহাৰ্য ৷

বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজে বানপানীৰ সমস্যাত ভুগি আহিছে যদিও কোনো জনপ্ৰতিনিধিয়েই বন্যাৰ্তৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷

লগতে পঢ়ক : Assam CM on Bhutan Kurichu Dam water release: ভূটানে খুলিলে কুৰিশ্ব’ বান্ধৰ পানী, ফেনেফুটুকাৰে ওফন্দিব বেকী-মানাহ: মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.