ধেমাজি, 22 অক্টোবৰ : ক'ভিড-19 ৰ বাবে এইবাৰ ম্লান পৰিছে শাৰদীয় দুৰ্গোৎসৱ ৷ ধেমাজিতো অনুষ্টুপীয়াকৈ চলিছে দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি ৷ পূজাৰ সময়খিনিত সকলো চৰকাৰী নীতি-নিয়ম মানি চলিবৰ বাবে পূজা কমিটিয়ে নিয়মাৱলীসমূহ মণ্ডপৰ সন্মুখত আৰি ৰখাৰ ব্যৱস্থা কৰিছে ৷

এই সন্দৰ্ভত ধেমাজিৰ শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা পৰিচালা সমিতিয়ে জনোৱা মতে, তেওঁলোকে এইবেলি প্ৰতিমাৰ পৰিৱৰ্তে কেৱল ঘট পূজাৰ জৰিয়তে দুৰ্গা দেৱীক উপাসনা কৰিব ৷

আনহাতে, পূজাক লৈ সষ্টম হৈ উঠিছে ধেমাজি আৰক্ষীও ৷ ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া অনুসৰি, প্ৰতিখন পূজা সমিতিয়ে সকলো প্ৰটক’ল মানি চলাটো বাধ্যতামূলক কৰাৰ লগতে দৰ্শনাথীসকলেও এই নিৰ্দেশ মানি চলি এবাৰত পাচঁজনকৈ অধিক ভক্তৰ প্ৰৱেশ কৰিব নোৱাৰিব ৷ লগতে সকলোকে আহ্বান জনোৱা হৈছে যে, এই নীতি মানি শান্তিপূৰ্ণভাৱে পূজা উপভোগ কৰক ৷ উল্লেখ্য যে, এইবাৰ ধেমাজিৰ সদৰত মাত্ৰ চাৰিটা স্থানতহে অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন কৰা হৈছে ৷
লগতে পঢ়ক : অসম-মিজোৰাম সীমা সংঘাত : সীমান্তৰ পৰা বাহিনী প্ৰত্যাহাৰ কৰিব মিজোৰামে