ETV Bharat / state

প্ৰতিদ্বন্দিতামূলক ভাৱে সামৰণি পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

author img

By

Published : Apr 9, 2021, 7:31 AM IST

Updated : Apr 9, 2021, 1:59 PM IST

দুটা বৰ্ষৰ বিৰতি পাচতে শান্তিপূৰ্ণভাৱে অন্ত পৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ কম ভোটৰ ব্যৱধানত পৰাজয়বৰণ কৰে আছু সমৰ্থিত কেইবাজনো চিনাকী মূখৰ প্ৰাৰ্থীয়ে ৷

প্ৰতিদ্বন্দিতামূলক ভাৱে সামৰণি পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন
প্ৰতিদ্বন্দিতামূলক ভাৱে সামৰণি পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

ডিব্ৰুগড়, 10 এপ্ৰিল : সুদীৰ্ঘ দুটা বৰ্ষৰ পাচত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন তীব্ৰ প্ৰতিদ্বন্দীতামূলক ভাৱে অনুষ্ঠিত হৈ যায় ৷ বিগত বৰ্ষত সমূহত নিজৰ স্থিতি সবল কৰি ৰখা আছুৱে এইবাৰ নিৰ্বাচনত ভাল ফল দেখুৱাবলৈ সক্ষম নহ'ল ৷ কিন্তু সভাপতি, সম্পাদককে ধৰি কেইবাখনো আসনত অতি কম ভোটৰ ব্যৱধানতহে পৰাজয় বৰণ কৰে আছু সমৰ্থিত কেইবাজনো চিনাকী মূখৰ প্ৰাৰ্থীয়ে ৷

যোৱা নিশা ভাগত প্ৰকাশ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল অনুসৰি আগন্তুক বৰ্ষৰ বাবে সাধাৰণ সম্পাদক পদত জয়ী হয় হিমালয় বাৰিক। আনহাতে সভাপতি পদত জয়ী হয় পৱন গগৈ।

সাধাৰণ সম্পাদক পদত আছুৰ সমৰ্থনত প্ৰতিদ্বন্দীতা আগবাঢ়োৱা লব্ধ প্ৰতিম দাসে 1608 টা ভোট লাভ কৰাৰ বিপৰীতে হিমালয় বাৰিকে 1678 টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷ ইফালে আছুৰ সমৰ্থনৰ বহু চৰ্চিত সভাপতি পদৰ প্ৰাৰ্থী ধৃতিষা গগৈয়ে 1614 টা ভোট লাভ কৰাৰ বিপৰীতে পৱন গগৈয়ে 1670 টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে। সমান্তৰালভাৱে সভাপতি পদতো আছু সমৰ্থীত বিশাল কুমাৰ শৰ্মা 1383 ভোট লাভ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰিতে লক্ষীনন্দন তায়ে 1395 ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে।

অৰ্থাৎ আছুৰ সমৰ্থনত প্ৰতিদ্বন্দীতা আগবাঢ়োৱা লব্ধ প্ৰতিম দাসে মাত্ৰ 70 টা ভোটত পৰাজয়বৰণ কৰাৰ সমানে আছু সমৰ্থিত সভাপতি পদৰ প্ৰাৰ্থী ধৃতিষা গগৈয়ে 56 টা ভোটত পৰাজয়বৰণ কৰে ৷ এইবাৰ নিৰ্বাচনত আছু সমৰ্থিত ধৃতিষা গগৈ বহু চৰ্চাত থকাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিয়া এটা ভাষণ ব্যাপক ভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ ইফালে উপ-সভাপতিৰ পদৰ প্ৰাৰ্থী বিশাল কুমাৰ শৰ্মা মাত্ৰ 12 টা ভোটত হে পৰাজয় বৰণ কৰে ৷

উল্লেখ্য যে, এইবাৰ নিৰ্বাচনক লৈ সন্তুষ্টি প্ৰকাশ কৰে বিশ্ববিদ্যালয়ৰ নিৰ্বাচন পৰিচালনা সমিতিয়ে ৷ সাংবাদিকক সম্বোধন কৰি নিৰ্বাচন পৰিচালনাৰ দ্বায়িত্বত এজন বিষয়ববীয়াই কয়, এইবাৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অন্ত পৰে ৷ এইবাৰ নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতা হয় ৷ এইয়া ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে শুভ লক্ষণ বুলি কয় বিষয়ববীয়া জনে ৷

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত মুখথেকেচা আছুৰ

Last Updated : Apr 9, 2021, 1:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.