ETV Bharat / state

CAB প্ৰতিৰোধৰ নতুন বাটৰ সন্ধান দিলে ড৹ নগেন শইকীয়াই

author img

By

Published : Nov 24, 2019, 12:58 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰতিৰোধৰ নতুন বাট দেখুৱাইছে বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ অসম চুক্তিৰ 6 নং দফাৰ ভিত্তিত অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰি আন এখন আইন গৃহীত কৰাৰ পোষকতা ৷

CAB প্ৰতিৰোধৰ নতুন বাটৰ সন্ধান দিলে ড৹ নগেন শইকীয়াই

ডিব্ৰুগড়, 24 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে CAB প্ৰতিৰোধৰ নতুন বাট দেখুৱাইছে বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ CAB বিৰোধী আন্দোলন একপ্ৰকাৰ অসাৰ প্ৰতিপন্ন হোৱাৰ সময়তে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াই পূৰ্বে অসম চুক্তিৰ 6 নং দফাৰ ভিত্তিত অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰি আন এখন আইন গৃহীত কৰাৰ পোষকতা কৰে ৷

অসমৰ বিভিন্ন জাতীয় দল-সংগঠন তথা ৰাইজৰ আন্দোলনক মষিমুৰ কৰি অসমীয়া জাতীয় স্বাৰ্থক ওফৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখন চৰকাৰে গৃহীত কৰাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বুলি ঘোষণা কৰাৰ সময়তে ডিব্ৰুগড়ত অনুষ্ঠিত হয় "অসম চুক্তিৰ ছয় নং দফা আৰু অসমীয়াৰ সুৰক্ষা" শীৰ্ষক আৰু মুক্তিযুঁজাৰু সোণটি শৰ্মা ভট্টাচাৰ্য স্মাৰক বক্তৃতানুষ্ঠান ৷ ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত ড৹ নগেন শইকীয়াই এই পৰামৰ্শ আগবঢ়ায় ৷

তেওঁ প্ৰকাশ কৰে যে, অসম চুক্তিৰ 6 নং দফা খুব ভালকৈ বিবেচনা কৰি তাত আটাইখিনি ৰক্ষণাৱেক্ষণৰ কথা সোমোৱাই লৈ ভাৰতৰ সংসদৰ দুয়োখন সদনতে তাক গ্ৰহণ কৰি প্ৰথমতে এখন আইনত পৰিণত কৰি ল'ব লাগে আৰু তেতিয়া আমি নিশ্চিত হ'ম যে CAB আহিলেও অসমীয়া জাতি উটি নাযায় । এনেধৰণৰ আলোচনাইহে CAB প্ৰতিৰোধ ব্যৱস্থাৰ বাট মুকলি কৰিব ৷ আনহাতে এই অনুষ্ঠানত মুক্তিযুঁজাৰু সোণটি শৰ্মা ভট্টাচাৰ্যৰ পৰিয়ালৰ লগতে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই বক্তৃতাৰ বিষয় 6 নং দফাক সাঙুৰি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে ভাষা-সংস্কৃতিৰ প্ৰতি অসমীয়াই গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় ৷

আৰু পঢ়কঃ ৰাজ্যত এতিয়াও মুক্তভাৱে ব্যৱহাৰ হৈ আছে প্লাষ্টিক বেগ

Intro::কেব বিৰুধী আন্দোলন একপ্ৰকাৰ অসাৰ প্ৰতিপন্ন হোৱাৰ সময়তে কেবৰ প্ৰতিৰোধ হিচাপে নতুন বাট দেখুৱাইছে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড' নগেন শয়কীয়াই
কেবৰ বিৰুধীতাৰে চলি থকা আন্দোলনক মষিমূৰ আৰু জাতীয় স্বাৰ্থক গচকি চৰকাৰে কেব গৃহিতৰ কৰাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বুলি ঘোষণা কৰাৰ সময়তে মিতভাষৰ শ্ৰষ্টা ড' নগেন শইকীয়াই ইয়াৰ পূৰ্বে অসম চুক্তিৰ ছয় নং দফাৰ ভিত্তিত অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰি আন এখন আইনৰ গৃহিত কৰাৰ পোষকতা কৰিছে।

উদ্বিগ্ন বিষয় কেবক লৈ লাখ লাখ অসমীয়া চিন্তিত হৈ থকাৰ সময়তে ডিব্ৰুগড়ত অনুষ্ঠিত "অসম চুক্তিৰ ছয় নং দফা আৰু অসমীয়াৰ সুৰক্ষা" শীৰ্ষক
ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱৰ সহযোগত মুক্তিযুঁজাৰু সোণটি শৰ্মা ভট্টাচাৰ্য স্মাৰক বক্তৃতা অনুষ্ঠানত অসমীয়া জাতিৰ স্বাৰ্থত এই পৰামৰ্শ আগবঢ়ালে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।
*Byte:ড' নগেন শইকীয়া*

ড' নগেন শইকীয়াই ক'লে
"অসম চুক্তিৰ 6 নং দফা খুওব ভালকৈ বিবেচনা কৰি তাত আটাইখিনি ৰক্ষণাবেক্ষণৰ কথা সোমোৱাই লৈ ভাৰতৰ সংসদৰ দুয়োখন সদনত তাক গ্ৰহণ কৰোৱাই প্ৰথমতে এখন আইনত পৰিণত কৰি ল'ব লাগে,তেতিয়া আমি নিশ্চিত হ'ম যে কেব আহিলেও আমি উতি যাব নালাগিব।যদি কেবৰ আগে এনে কৰা নহয়,তেন্তে এনেকুৱা আলোচনাৰ পৰা কোনো লাভ নহ'ব।"

এই অনুষ্ঠানত মুক্তিযুঁজাৰু গৰাকীৰ পৰিয়ালৰ লগতে
কানৈ মহাবিদ্যালয়ৰ অধক্ষ্য ড' শশীকান্ত শয়কীয়াই বক্তৃতাৰ বিষয় 6 নং দফাক সাঙুৰি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে ভাষা,সংস্কৃতিৰ প্ৰতি অসমীয়াই গুৰুত্ব দিয়াৰ আহ্বান জনাই।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.