ডিব্ৰুগড়, 5 অক্টোবৰ: অসমৰ সকলো ঠাইৰ লগতে মৰাণতো অতি উলহ-মালহেৰে শাৰদীয় দুৰ্গোৎসৱ পালন কৰিবলৈ মৰাণৰ ৰাইজ ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে । মৰাণত প্ৰতিবছৰৰ দৰে এইবাৰো ৮ খনকৈ পূজা অনুষ্ঠিত হ'ব । সকলো পূজা মণ্ডপ সাজু হৈ পৰাৰ সময়তে শুক্ৰবাৰে সন্ধিয়া মৰাণৰ মাজ-মজিয়াত ডিব্ৰুগড় আৰু চৰাইদেউ জিলা প্ৰশাসনে শাৰদীয় দুৰ্গোৎসৱত মৰাণ চহৰৰ আইন-শৃংখলা অক্ষুণ্ণ ৰাখিবলৈ মুকলি কৰিলে অস্থায়ী নিয়ন্ত্ৰণ কক্ষ ।
এই নিয়ন্ত্ৰণ কক্ষ শুভাৰম্ভ কৰে মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । এই অনুষ্ঠানত উপস্থিত থাকে মাহমৰাৰ বিধায়ক যোগেন মোহন, চৰাইদেউ জিলা আৰক্ষী অধীক্ষক, মৰাণ আৰু মাহমৰা চক্ৰ বিষয়াৰ লগতে মৰাণৰ বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ সাংবাদিকৰ লগতে সকলো পূজা সমিতিৰ বিষয়ববীয়া ।
মৰাণ চহৰৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া পূজা সমূহৰো নিৰাপত্তা দিশ চোৱাচিতা কৰিব এই নিয়ন্ত্ৰণ কক্ষৰ পৰা । পূজা সমিতি, মৰাণৰ জ্যেষ্ঠ নাগৰিক, সাংবাদিক একেলগ কৰি জিলা প্ৰশাসনে গঠন কৰিছে এখন সমিতি । দুৰ্গোৎসৱৰ দিনকেইটা মৰাণ চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰাইজৰ নিৰাপত্তা কেনেকৈ সুনিশ্চিত কৰিব পাৰি - এই সমিতিয়ে তাৰ লক্ষ্য ৰাখিব ।